বঙাইগাঁৱত বানপানীৰ তাণ্ডৱ ৷ আই নৈৰ বাঢ়নী পানীয়ে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বহু গাঁও প্লাৱিত কৰিছে ৷ ইপিনে ভূটানৰ পৰা কুৰিছু বান্ধৰ পানী হঠাতে এৰি দিয়াৰ ফলত গাঁৱসমুহত বানপানীয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ বানাক্ৰান্ত লোকসকলে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে আন বহু লোকে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে ৷
বৰ্তমানলৈ প্ৰশাসন তথা উদ্ধাৰকাৰী দল এইসমুহ অঞ্চলত উপস্থিত হোৱা নাই ৷ বিশেষকৈ বানাজানি, চেচাপানী, হুৰামাৰা, নাচনগুৰি, বৃদ্ধবাসী, চক্ৰশিলা, দনকিনামাৰী, জাৰাগুৰি, জামদহা, গৰাইমাৰী আদি অঞ্চলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ঘৰ-দুৱাৰ আদি বানত বুৰ যোৱাৰ ফলত কোলাত সন্তানক লৈ নিৰাপদ স্থানৰ সন্ধানত গাঁৱবাসীয়ে ঢাপলি মেলা পৰিলক্ষিত হৈছে ৷ একেদৰে চিৰাং জিলাৰো বিভিন্ন অঞ্চল বানপানীৰ কবলত পৰিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|