বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আধাৰ কাৰ্ড, টকা দাবী কৰিলেই কঠোৰ শাস্তি!

ৰাজ্যৰ ২৭ খন প্ৰশাসনিক জিলাৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে আধাৰ এনৰ’লমেণ্ট প্ৰগ্ৰেম।
ৰাজ্যৰ ২৭ খন প্ৰশাসনিক জিলাৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে আধাৰ এনৰ’লমেণ্ট প্ৰগ্ৰেম।
- News18 Assam
- Last Updated: November 9, 2020, 3:09 PM IST
সেইদৰে ৬-১৮ বছৰৰ সকলো ছাত্ৰ-ছাত্ৰীকে বিনামূলীয়াকৈ আধাৰ কাৰ্ড যোগান দৰা হ’ব। অনুষ্ঠানত কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিত্ পেগুৱে কয় যে, ‘সমগ্ৰ গুৱাহাটীত বৰ্তমান ৮৭টা আধাৰ কেন্দ্ৰত কাম-কাজ চলি আছে। কিন্তু এই সংখ্যা এতিয়া ২০০টালৈ বৃদ্ধি কৰা হ’ব।’
‘বহুলোকে এতিয়াও আধাৰ কাৰ্ডৰ বাবে পঞ্জীয়ণ কৰা নাই। এতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকেও এই সুবিধা লাভ কৰিব। আধাৰ পঞ্জীয়ণ প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে বিনামূলীয়া। আৰু যদি কোনো লোকে ইয়াৰ বাবে টকা দাবী কৰে, তেন্তে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।’- এনেদৰে কয় বিশ্বজিত্ পেগুৱে।