Bhupen Bora wrote poems about CM: ভূপেন কুমাৰ বৰাই লিখিলে- 'মই ফায়াৰ ব্রিগেড'
Bhupen Bora wrote poems about CM: ভূপেন কুমাৰ বৰাই লিখিলে- 'মই ফায়াৰ ব্রিগেড'
“এই জুই জ্বলিছে, জ্বলিবই ৷ এই অভিযান চলিছে, চলিবই ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিবই৷”- এই মন্তব্য মঙলবাৰে বিৰোধী কংগ্ৰেছক সমালোচনা কৰি কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই কৰা এই ঘোষণাৰ পিছতে ৰাতিয়েই এটা কবিতা লিখিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (AACC president Bhupen Kumar Bora) ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাক লৈ ভূপেন কুমাৰ বৰাই লিখা কবিতাটো তলত উল্লেখ কৰিলোঁ-
মই ‘ফায়াৰ ব্রিগেড'
#ভূপেন কুমাৰ বৰা
বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই/ নিবনুৱাৰ বুকুতো জ্বলিছে জুই, বুলেট খাই কীর্তিকমল আছে শুই/ দুখীয়াৰ পেটতো জ্বলিছে জুই, শুদা চাউল এমুঠি খাই আমিও আছোঁ শুই/ পুলিচ পিটিকা হ'ব অপৰাধী ধৰিলে, সংবাদ সোপা দিব ৰাজমাতাৰ খবৰ ছপালে/ মিজো সীমান্ততো জ্বলি আছে জুই, দেখিছিলোঁ তাত চকুৰ পানীৰ নৈ/ জাতি-মাটি-ভেটি এৰি দিব গৈ, মেঘালয়ে আদৰিব বৰপীৰা লৈ/ গণতন্ত্র তোমাৰ মন্ত্ৰ, ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ব আজিৰ অসমত সকলো লাঞ্ছত-বঞ্চিত/ ছেম, দীপাঞ্জল, বিজেন্দ্ৰ, আলিম আৰু ঈশ্বৰেও দেখিলে জুই/ তেজে ধোৱা পঞ্চ-শ্বহীদ দেশমাতৃৰ কোলাত আছে শুই/ খৰি ফলাদি জাতিক ফালিছে, দাউদাউকৈ যেন জ্বলিছে জুই/ জাতিৰ মূৰত জ্বলিছে হৃদয়তো জাতিৰ একুৰা জুই/ চৰকাৰ তই জ্বলাইছ/মই নুমুৱাম, ময়েই ‘ফায়াৰ ব্রিগেড' হৈ পানী ছটিয়াম, মই জুই নুমুৱাম।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|