
প্ৰতিবাদ সাব্যস্ত কৰে আছু. AJYCPৰ শতাধিক কৰ্মীয়ে
প্ৰতিবাদ সাব্যস্ত কৰে আছু. AJYCPৰ শতাধিক কৰ্মীয়ে
বগীবিল দলঙৰ দক্ষিণ পাৰ সংযোগী ধমল গাঁৱত সংগোপনে টোলগেটৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে সোমবাৰে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বগীবিল দলং সংযোগী পথত টোলগেট নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ সংগঠন দুটাই।
আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ কেইবা শতাধিক কৰ্মী তথা বিষয়ববীয়াই বগীবিল দলং সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে বৃহৎ মানৱ শৃংখল সৃষ্টি কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। টোলগেট নিৰ্মাণৰ ফলত যাত্ৰী সকল হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে ব্যৱসায়িক দিশতো বিৰূপ প্ৰভাৱ পৰিব বুলি ক্ষোভ প্ৰকাশ কৰে আছু কৰ্মী সকলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|