মহানগৰীৰ আজাৰাত কৰুণ কাহিনী। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পথ দুৰ্ঘটনাত পতিত হৈ ডিঙিৰ নলীত গুৰুতৰভাৱে আঘাত পোৱাত কণ্ঠ হেৰুৱাই তিনি বছৰ ধৰি শয্যাগত অৱস্থাত আছে। উন্নত মানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ বাবে চৰকাৰ তথা অসমবাসীক জনাইছে আহ্বান।
আজাৰাৰ পৰাগমণি দাসক উন্নত চিকিৎসাৰ বাবে দৰকাৰ প্ৰায় ১০ লাখ টকাৰ। ২০১৯ বৰ্ষত বৰঝাৰ বিমানবন্দৰৰ SOS পথত পথ দুৰ্ঘটনা হৈছিল পৰাগ মণি দাসৰ । তাৰ পিছত প্ৰায় ৮ মাহ ধৰি GNRC হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও ধনৰ অভাৱত পুত্ৰৰ চিকিৎসাৰ বাবে বিক্ৰী কৰিছিল নিজৰ ঘৰ-সম্পত্তি।
তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে মাতৃয়ে বহিঃৰাজ্যলৈ লৈ গৈছিল যদিও ধনৰ অভাৱত ওভতাই আনিছিল। বৰ্তমান কণ্ঠনলীৰ অস্ত্ৰোপচাৰ বাবে উপায়হীন হৈ পৰাগ মণি দাসৰ মাতৃয়ে চকুলো টুকি পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠন আৰু ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সাহায্য
কোনোবাই যুৱক পৰাগক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে এই একাউন্টত সহায় কৰিব পাৰে । Bank of baroda,Branch:- Dharapur chariali IFSC: BARB0VJDHCH ACCOUNT NO:- 63480100003825AC HOLDER:- MS SUMI DAS , ফোন নম্বৰ 9365327027 । অথবা গুগল পে নং 9365327027 নতুবা ফোন নং 9365327027ত যোগাযোগ কৰিব পাৰিব।Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|