পেঙেৰীত সন্ধানহীন হ’ল এজন যুৱক, তাৰ পিছতে ফেচবুকত চাঞ্চল্যকৰ পোষ্ট – ‘মই আহিলো...’

News18 Assam | News18-Assam
Updated:February 11, 2020, 1:19 PM IST
পেঙেৰীত সন্ধানহীন হ’ল এজন যুৱক, তাৰ পিছতে ফেচবুকত চাঞ্চল্যকৰ পোষ্ট – ‘মই আহিলো...’
ফেচবুক পোষ্টটোত যুৱকজনে লিখিছে – ‘আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ত যোগদান কৰিবলৈ ওলাই আহিলো।’

ফেচবুক পোষ্টটোত যুৱকজনে লিখিছে – ‘আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ত যোগদান কৰিবলৈ ওলাই আহিলো।’

  • Share this:
উজনি অসমত পুনৰ সক্ৰিয় আলফা স্বাধীন! পেঙেৰীৰ ইনথেম নগাপথাৰৰ এজন যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ। সমীৰণ সোনোৱাল নামৰ যুৱকজনে সোমবাৰে ঘৰৰ পৰা মাৰ্ঘেৰিটা বজাৰলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে। পৰৱৰ্তী সময়ত যুৱকজনে নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিলে এক চাঞ্চল্যকৰ পোষ্ট। এই পোষ্টটোৰ পৰা যুৱকজনে আলফা স্বাধীনত যোগদান কৰা বুলি স্পষ্ট হৈ পৰে।

ফেচবুক পোষ্টটোত যুৱকজনে লিখিছে – ‘আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ত যোগদান কৰিবলৈ ওলাই আহিলো। ইয়াৰ লগতে মই অসমৰ নৱপ্ৰজন্মক এইটো আহ্বান জনাও যে ভৱিষ্যতে এখন সোণৰ অসম গঢ়িবলৈ হ’লে অসমে স্বাধীনতা পোৱাটো অনিবাৰ্য। ‘সাৰ্বভৌম স্বাধীন অসম’ৰ বাহিৰে অন্য বিকল্প নাই।’ এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ। যুৱকজনক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি