உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • kalgachia: বেয়া বতৰত পোহনীয়া গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈ মৃত্যুমুখত পৰিল যুৱক

    kalgachia: বেয়া বতৰত পোহনীয়া গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈ মৃত্যুমুখত পৰিল যুৱক

    ইহসংসাৰত পত্নীসহ দুজন কণ কণ পুত্ৰ সন্তান এৰি থৈ যায়।

    ইহসংসাৰত পত্নীসহ দুজন কণ কণ পুত্ৰ সন্তান এৰি থৈ যায়।

    ইহসংসাৰত পত্নীসহ দুজন কণ কণ পুত্ৰ সন্তান এৰি থৈ যায়।

    • Share this:
    কলগাছিয়াৰ লাংলাত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু। মৃত যুৱকজনৰ বয়স আনুমানিক ২৫ বছৰ বুলি জানিব পৰা গৈছে।  জানিব পৰা মতে, আজি দিনৰ দহ বজাত লাংলা গাঁওৰ মিজান আলীৰ ২৫ বছৰীয়া পুত্ৰ মহিদুল ইছলামে পোহনীয়া গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈছিল। কিন্তু হঠাতে যুৱকজনৰ ওপৰত বজ্ৰ পৰে (youth dies in lightning strike)।

    পথাৰত পৰি থকা যুৱকজনক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ততাতৈয়াকৈ চেনিমাৰীস্থিত তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কলগাছিয়াস্থিত (kalgachia) বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

    পিছলৈ কলগাছিয়াৰ চিকিৎসকে ল'ৰাজনক মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে, মৃত যুৱকজনে ইহ সংসাৰত পত্নীসহ দুজন কণ কণ পুত্ৰ সন্তান এৰি থৈ যায়। অমায়িক আৰু সুঠাম দেহৰ অধিকাৰী যুৱকজনৰ মৃত্যুত ইতিমধ্যে বৃহত্তৰ লাংলা অঞ্চলত শোকৰ ছাঁ  বিৰাজ কৰিছে।
    Published by:Gautam Barman
    First published: