உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Female Farmer: জোঙালবলহুৰ এগৰাকী যুৱতী, ৬০ বিঘা মটিত অকলেই কৰিছে শালিধানৰ খেতি

    Female Farmer: জোঙালবলহুৰ এগৰাকী যুৱতী, ৬০ বিঘা মটিত অকলেই কৰিছে শালিধানৰ খেতি

    নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰহাৰ পূৰ্ণিমাই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন।

    নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰহাৰ পূৰ্ণিমাই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন।

    নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰহাৰ পূৰ্ণিমাই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন।

    • Share this:

    বৰ্তমান শালি ধানৰ খেতি আৰম্ভ কৰাৰ ভৰপক সময়।কোভিডসৃষ্ট পৰিৱেশৰ মাজতেই গ্ৰামাঞ্চলৰ  কৃষকসকল ব্যস্ত হৈ পৰিছে কৃষি পথাৰত।নগাঁও জিলাৰ ৰহাৰ লাওফুলাবড়ি পথাৰত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ।কৃষি পথাৰত ধানৰ বীজ সিঁচাত ব্যস্ত এগৰাকী যুৱতী। মাটি চাহ কৰি ধানৰ বীজ সিঁচাত ব্যস্ত ৰহাৰ জোঙালবলহুৰ এগৰাকী যুৱতী । উদ্যমী যুৱতীগৰাকীয়ে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা অত্যাধুনিক কৃষি সঁজুলিৰে বৈজ্ঞানিক পদ্ধতিৰে প্ৰায় ৬০ বিঘা ভূমিত কৃষিকৰ্ম কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷


    পিতৃহাৰা যুৱতীগৰাকী ৰহাৰ জোঙালবলহুৰ পূৰ্ণিমা ডেকা ৷ ৰহাৰ লাওফুলাবড়িৰ পথাৰ সেউজীয়া কৰাত এতিয়া ব্যস্ত হৈ পৰিছে যুৱতীগৰাকী ৷ দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালৰ বাবে আন এগৰাকী যুৱতীয়ে নকৰা সকলোবোৰ কামেই কৰে তেওঁ।পুৰুষৰ সমানেই কাম কৰে যুৱতীগৰাকীয়ে ৷  বাৰ মাহত বতৰৰ বিভিন্ন ধৰণৰ খেতি কৰাৰ লগতে পশুপালনো কৰে যুৱতীগৰাকীয়ে ৷ কৃষি–কৰ্ম কৰিয়ে পোহপাল দিছে পৰিয়ালটো ।নিজৰ বিশেষ মাটি নথকা পূৰ্ণিমাই ৰহাৰ বিভিন্ন অঞ্চলত বন্ধকত মাটি লৈ বিগত দহ বছৰ ধৰি কৃষিকৰ্ম চলাই আহিছে।মহিলা গৰাকীক প্ৰতিটো মুহূৰ্ততে সহায়ৰ হাত আগবঢ়াই আহিছে কৃষি বিভাগে ৷


    উল্লেখ্য  কৃষিকৰ্মৰ জৰিয়তে যুৱতীগৰাকী নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহগৰাকী যুৱতী তথা নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷ মহিলা সবলীকৰণ আৰু স্বাৱলম্বিতাৰ এক উকৃষ্ট নিৰ্দশন হৈ পৰিছে ৰহাৰ পূৰ্ণিমা ডেকা।

    Published by:Gautam Barman
    First published: