মুখ্যপৃষ্ঠা »খবৰ »অসম »মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিল এজন যুৱক

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিল এজন যুৱক

অৱশেষত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰিলে পুলক নমশুদ্ৰই

অৱশেষত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰিলে পুলক নমশুদ্ৰই

অৱশেষত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰিলে পুলক নমশুদ্ৰই

  • Share this:
আজি কৰিমগঞ্জৰ এজন যুৱকে চাইকেল চলাই গুৱাহাটীত আহি উপস্থিত হৈছে। তেওঁ কৰিমগঞ্জৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ চাইকেল চলাই গুৱাহাটীলৈ আহে। তেওঁ ৩৫ দিন চাইকেল চলাই প্ৰায় ৩৭০ কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰি আজি গুৱাহাটীত প্ৰৱেশ কৰে। যুৱকজন কৰিমগঞ্জ জিলাৰ কালীবাৰী নবীন গাঁৱৰ নিবাসী টিংকু ওৰফে পুলক নমশুদ্ৰ। এই তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনায়।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিজৰ পোষ্টোটোত লিখে যে তেওঁ নবীন গাঁৱৰ নিবাসী টিংকু নমশুদ্ৰক সাক্ষাৎ কৰি আপ্লুত হয়। ৩৫ দিন চাইকেল চলাই প্ৰায় ৩৭০ কিল'মিটাৰ অতিক্ৰম কৰি মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গুৱাহাটীত উপস্থিত হোৱাত টিংকুৰ আন্তৰিকতাৰ বাবে তেওঁক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লিখে, ‘‘এনে স্নেহপ্ৰীতিয়ে ৰাইজৰ কল্যাণৰ স্বাৰ্থত অটল হৈ থাকিবলৈ মোক সদায় অনুপ্ৰেৰণা যোগাই যাব।’’

উল্লেখ্য যে, বিগত ১ মাহৰ পৰা মুখ্যমন্ত্ৰীক লগ পাবলৈ মহানগৰীত ঘূৰি আছিল যুৱকজনে। পুলকে দেহত মুখ্যমন্ত্ৰীৰ টেটুও অংকন কৰি লৈছিল। শনিবাৰে পুৱাই মুখ্যমন্ত্ৰীৰে সাক্ষাৎ লাভ কৰি পুলকে গামোচা আৰু ফুলৰ মালা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়েও পুলকক ধন্যবাদ দিয়াৰ লগতে চাহ মিঠাই খুৱায়।

আনহাতে, মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পাই ভগৱানক লগ পোৱা বুলি পুলকে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ গ’লে পুনৰ পুলকক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিলে বুলি তেওঁ জনায়।

শেহতীয়া বাতৰি