প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহৰ চুঙাত পৰ্যটকক পানী যোগান ধৰি সমাদৃত হৈছে কাজিৰঙাৰ এজন যুৱক। কাজিৰঙাৰ চন্দন নাথৰ এই যুৱকজনৰ পদক্ষেপে ইতিমধ্যে লাভ কৰিছে বিশেষ স্বীকৃতি। পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বাঁহৰ চুঙাত দেশী–বিদেশী পৰ্যটকক পানী যোগান ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে যুৱকজনে।
যুৱকজনৰ এই প্ৰচেষ্টাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছতো। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত নিষিদ্ধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ইয়াৰ উপৰি প্লাষ্টিকৰ ব্যৱহাৰে প্ৰকৃতিৰ প্ৰতিও আনিছে ভাবুকি। এনে কথাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ সুবিধাৰ বাবে প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে বাঁহৰ চুঙা প্ৰস্তুত কৰি উলিয়াইছিল চন্দন নাথে।
বিগত দুটা বছৰে যুৱকজনৰ প্ৰচেষ্টাই বিশেষ সঁহাৰি লাভ কৰিছিল পৰ্যটকৰ। ৰাষ্ট্ৰীয় উদ্যানত জীপচী চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সামগ্ৰী নিজৰ জীপচীত সংলগ্ন কৰাৰ লগতে কাজিৰঙাৰ বিভিন্ন স্থানত avoid plastic লিখি বাঁহৰ চুঙাৰ ব্যৱস্থা কৰিছে।
পহিলা অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেয়েহে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পৰ্যটকক বাঁহৰ চুঙাত পানী যোগান ধৰিবলৈ প্ৰস্তুতি চলাইছে কাজিৰঙাৰ যুৱক চন্দনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|