মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Banana Farmer: স্বাস্থ্য বিভাগৰ অস্থায়ী চাকৰি বাদ দি মালভোগ কলৰ খেতিত এগৰাকী যুৱক, বছৰি ৬–৭ লাখ আয়

Banana Farmer: স্বাস্থ্য বিভাগৰ অস্থায়ী চাকৰি বাদ দি মালভোগ কলৰ খেতিত এগৰাকী যুৱক, বছৰি ৬–৭ লাখ আয়

News18 Assam | News18-Assam
Updated:July 13, 2021, 2:43 PM IST
Banana Farmer: স্বাস্থ্য বিভাগৰ অস্থায়ী চাকৰি বাদ দি মালভোগ কলৰ খেতিত এগৰাকী যুৱক, বছৰি ৬–৭ লাখ আয়
কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে চিৰাঙত মালভোগ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী যুৱক ৷

কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে চিৰাঙত মালভোগ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী যুৱক ৷

  • Share this:

কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে চিৰাঙৰ এজন যুৱকৰ যোগাত্মক খবৰ ৷ মালভোগ কল খেতিৰে সম্প্ৰতি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন যুৱকে ৷ বাসুগাঁৱৰ ৰাজাচাৰাঙৰ হেমন্ত কুমাৰ ৰায় নামৰ এইজন যুৱকে মালভোগ কলৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছে ৷ কঠোৰ পৰিশ্ৰমী যুৱকজনে কোৰোণা সংকটৰ মাজতো বছৰি ছয়ৰ পৰা সাত লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ মালভোগ কল আৰু ইয়াৰ পুলি বিক্ৰী কৰি সম্প্ৰতি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছে হেমন্ত কুমাৰ ৰায় ৷


নিজৰ লগতে আনৰ মাটি ভাৰা হিচাপে লৈ হেমন্তই মালভোগ কলৰ খেতি কৰি আহিছে ৷ স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰী হেমন্তই চাকৰি এৰি এতিয়া সম্পূৰ্ণৰূপে মালভোগ কলৰ খেতিত মনোনিৱেশ কৰিছে ৷ যুৱকজনৰ উৎপাদিত মালভোগ কলে চিৰাং আৰু বঙাইগাঁও জিলাৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ নিজৰ লগতে দৈনিক চাৰি-পাঁচজনকৈ লোকক কল খেতি চোৱা চিতাৰ কামত নিয়োগ কৰি কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে ৷


আঢ়ৈ বিঘাৰ পৰা মালভোগ কলৰ খেতি কৰি এটা সময়ত চল্লিশ বিঘালৈ সম্প্ৰসাৰণ কৰা হেমন্ত কুমাৰ ৰায়ে কোৰোণাৰ মাজতে বিগত বছৰত ছয় লাখ টকাৰ কেৱল মালভোগ কল বিক্ৰী কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, যোৱা বছৰৰ তুলনাত এইবাৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকডাল মালভোগ কলৰ পুলি আঠ টকা দৰত তেওঁ বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷



বছৰটোৰ আৰম্ভণিতে এইবাৰ  তেওঁ এক লাখ টকা মালভোগ কলৰ পুলি বিক্ৰী কৰি উপাৰ্জন কৰাবলৈ সক্ষম হৈছে ৷ মালভোগ কল খেতিৰে  স্বাৱলম্বী হৈ পৰা হেমন্ত কুমাৰ ৰায়ক দেখি যুৱ প্ৰজন্মৰ বহুতেই মালভোগ কলৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে ৷ হেমন্ত কুমাৰ ৰায়ে মালভোগ কলৰ খেতিৰ লগতে কুকুৰা ফাৰ্ম আৰু চিমেন্টৰে ঘৰ নিৰ্মাণৰ সঁজুলি প্ৰস্তুত কৰা উদ্যোগ স্থাপনৰ বাবেও প্ৰস্তুতি চলোৱা বুলি জানিব দিছে ৷

Published by: Gautam Barman
First published: July 13, 2021, 2:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি