ধিং বাণিজ্য মেলাত চাৰ্লি চেপলিনৰ ভাও দিয়া খাদেমে আকৰ্ষিত কৰিলে বহুজনক
ধিং বাণিজ্য মেলাত চাৰ্লি চেপলিনৰ ভাও দিয়া খাদেমে আকৰ্ষিত কৰিলে বহুজনক
চাৰ্লি চেপলিন। বিশ্বৰ ছবিজগতত সৰ্বাধিক চৰ্চিত এইগৰাকী জনপ্ৰিয় অভিনেতাৰ এইবাৰ আৱিৰ্ভাৱ হৈছে নগাঁৱত। নগাঁৱৰ ধিঙত অনুষ্ঠত হৈ থকা বাণিজ্য মেলাত চাৰ্লি চেপলিনৰ (Charlie Chaplin) ৰূপত ভাও দি বাণিজ্য মেলালৈ অহা প্ৰতিজন দৰ্শককে আকৰ্ষিত কৰিছে খাদেম আলী নামৰ এজন যুৱকে।
সৰুৰে পৰা বিভিন্ন জনপ্ৰিয় ব্যক্তিৰ ভেশচন প্ৰদৰ্শনেৰে দৰ্শকৰ সমাদৰ লাভ কৰিছে খাদেম আলীয়ে (Khadem Ali)। অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বাণিজ্য মেলাত (Nagaon Trade Fair) ভিন্ন ৰূপত দেখিবলৈ পোৱা যায় খাদেম আলীক। কেতিয়াবা যদি মহাত্মা গান্ধী, কেতিয়াবা আকৌ সুভাষ চন্দ্ৰ বসু অথবা কেতিয়াবা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ভাও দিয়া খাদেম আলীয়ে ১ঘণ্টা পৰ্যন্ত চকু নুমুদাকৈ থাকিব পাৰে।
খাদেম আলীৰ মতে, বন্দুকৰ গুলী পাৰ হৈ গ'লেও চকু নুমুদাকৈ একেথিৰে চাই থাকিব পাৰে তেওঁ। অভিনয়ৰ সময়ত যদি কোনোবাই তেওঁক ভয় খুৱাব পাৰে, তেন্তে সেইজন ব্যক্তিক তেওঁ ১ লাখ টকাৰ নগদ পুৰস্কাৰ দিব বুলিও ঘোষণা কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|