মুখ্যপৃষ্ঠা »খবৰ »অসম »Life-Threatening Disease Polio: পলিঅ' নাই কিন্তু পলিঅ' আছে, এই ভাইৰাছত আক্ৰান্তৰ পিছত যি হ'ল নলবাৰীৰ এগৰাকী চফল ডেকাৰ, বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়

Life-Threatening Disease Polio: পলিঅ' নাই কিন্তু পলিঅ' আছে, এই ভাইৰাছত আক্ৰান্তৰ পিছত যি হ'ল নলবাৰীৰ এগৰাকী চফল ডেকাৰ, বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়

Pain of a young man suffering from polio : তথাপি প্ৰবল মনোবলৰ জোৰত তেওঁ এখন ভৰি অক্ষম সত্ত্বেও শৈশৱ, কৈশোৰ পাৰ কৰিছিল আন কোনো লোকৰ দৰে

Pain of a young man suffering from polio : তথাপি প্ৰবল মনোবলৰ জোৰত তেওঁ এখন ভৰি অক্ষম সত্ত্বেও শৈশৱ, কৈশোৰ পাৰ কৰিছিল আন কোনো লোকৰ দৰে

Pain of a young man suffering from polio : তথাপি প্ৰবল মনোবলৰ জোৰত তেওঁ এখন ভৰি অক্ষম সত্ত্বেও শৈশৱ, কৈশোৰ পাৰ কৰিছিল আন কোনো লোকৰ দৰে

  • Share this:
ভাৰত সম্প্ৰতি পলিঅ'মুক্ত। কিন্তু পূৰ্বতে পলিঅ'ত আক্ৰান্ত এগৰাকী লোকৰ জীৱনলৈ নামি আহিছে অমানিশা। তেওঁৰ লগে লগে সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটোও।

নলবাৰীৰ বিহামপুৰ নিৱাসী প্ৰভাত দত্তৰ সন্তান ধীৰেন দত্ত জন্মৰ দুবছৰ পিছতে আক্ৰান্ত হৈছিল পলিঅ'ত। এই ৰোগৰ বাবে তেওঁৰ এখন ভৰি কোঙা হৈ পৰিছিল আৰু পংগুত্বৰ জীৱন যাপন কৰিছিল।

তথাপি প্ৰবল মনোবলৰ জোৰত তেওঁ এখন ভৰি অক্ষম সত্ত্বেও শৈশৱ, কৈশোৰ পাৰ কৰিছিল আন কোনো লোকৰ দৰে, চাইকেল চলোৱাৰ পৰা আদি কৰি প্ৰাত্যহিক কাম কৰি গৈছিল তেওঁ।

সমান্তৰালভাৱে চলি আছিল তেওঁৰ চিকিৎসা। কিন্তু ২০১০ চনত পাটনাৰ পৰা অহা এগৰাকী চিকিত্সকৰ দ্বাৰা গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটী হাস্পতালত কৰা এটা অস্ত্ৰোপচাৰৰ পিছৰে পৰা যুৱক ধীৰেন দত্তৰ শাৰীৰিক দুৰ্বলতা অতি বেছি হয় আৰু শেষত শৰণাপন্ন হয় বিছনাৰ। তেতিয়াৰ পৰা তেওঁৰ চিকিৎসা কৰি থকা হৈছে যদিও স্বাস্থ্যৰ উত্তৰণ হোৱা নাই (young man of Nalbari suffering from polio)।

এনে অৱস্থাত পৰিয়ালটোৱে যুৱকগৰাকীৰ চিকিত্সাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সহৃদয়তা কামনা কৰিছে। সাংবাদিকক পৰিয়ালটোৱে কয়- ''এখন ভৰি দুৰ্বল হ'লেও তেওঁ আন দহজনৰ দৰে ঘূৰা-ফুৰা কৰিছিল। আন বিকলাংগ লোকৰ সৈতে ভিন্ন কামত জড়িত আছিল। স্কুললৈ গৈছিল। কিন্তু অস্ত্ৰোপচাৰৰ পিছৰ পৰা তেওঁ দুৰ্বল হৈ পৰে। তেওঁৰ চিকিত্সাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে সকলোখিনি কৰিলোঁ। কিন্তু এতিয়া আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ডাঙৰীয়াই কিবা এটা উপায় দিয়ক।''

সক্ষম দিনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে


সদায়ে হাঁহিমুখেৰে জীৱন যাত্ৰাত অগ্ৰসৰ হোৱা দত্তৰ এনে অৱস্থাই গাঁওবাসীকো উদ্বিগ্ন কৰি ৰাখিছে। পৰিয়ালটোৰ লগতে সকলোৱে আশা কৰিছে মুখ্যমন্ত্ৰীয়ে ধীৰেন দত্তৰ (ফোন নং 93654-07220) ভগ্ন স্বাস্থ্য ঘূৰাই দিব পাৰিব।

শেহতীয়া বাতৰি