ৰাজ্যৰ শেহতীয়া বানত বহু কৰুণ ঘটাৰ মাজতে আজি বৰপেটা চহৰতো সংঘটিত হয় এটি হৃদয়বিদাৰক ঘটনা ৷ ঘৰৰ ইনভাৰ্টাৰৰ বাবে এই দুৰ্ঘটনা প্ৰাণ হেৰুৱাই এগৰাকী যুৱক জ্যোতিকেশ গায়নে।
তথ্য অনুসৰি, বানে তাণ্ডৱ ৰূপ ধাৰণ কৰাত বৰপেটা (Barpeta) চহৰৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত গায়নহাটীৰ বাসিন্দা জ্যোতিকেশ গায়নে মাতৃসহ আন ঠাইত আশ্ৰয় লয়। কিন্তু বান পৰিস্থিতি কিছু শাম কটাত তেওঁ নিজৰ ঘৰলৈ আহে। বানে বুৰোৱা ঘৰত পানী কমাৰ পিছত গায়নৰ চকু পৰে ইনভাৰ্টাৰটোলৈ। আৰু তেওঁ ইয়াক খুলিবলৈ চেষ্টা কৰে।
কিন্তু দুৰ্ভাগ্যজনকভাৱে ইনভাৰ্টাৰৰ দ্বাৰা বিদ্যুৎপৃষ্ট হৈ প্ৰাণ হেৰুৱাই ২৪ বছৰীয়া যুৱক জ্যোতিকেশ গায়নে (a young man died of electrocution)। বিধৱা মাতৃ গোলাপী গায়নৰ কনিষ্ঠ পুত্ৰ জ্যোতিকেশ গায়নে ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ যুৱকজনে মাতৃ আৰু এগৰাকী জ্যেষ্ঠ ভাতৃক ইহসংসাৰত এৰি থৈ যায়৷ এই ঘটনাই সমগ্ৰ চহৰখনতে শোকৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য, বানপানীৰ বাবে ইনভাৰ্টাৰজনিত দুৰ্ঘটনা প্ৰায়ে হোৱা দেখা যায়। এইবাৰ বান নুঠা ঠায়ো বানৰ কবলত পৰা বাবে অনভিজ্ঞতাৰ বাবে এনে দুৰ্ঘটনা হোৱা বুলি অনুমান কৰা হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : June 24, 2022, 03:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।