মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰকৃতি ৰক্ষাৰ বাৰ্তা লৈ সমগ্ৰ অসম পদব্ৰজে যাত্ৰা দৰঙৰ এজন যুৱকৰ

প্ৰকৃতি ৰক্ষাৰ বাৰ্তা লৈ সমগ্ৰ অসম পদব্ৰজে যাত্ৰা দৰঙৰ এজন যুৱকৰ

Travels All Over Assam On Foot: ইতিমধ্যে অসমৰ ২৯ খন জিলাত পদযাত্ৰা কৰি গোৱালপাৰা জিলাৰ দুধনৈত ভৰি দিছে কলিতাই ৷

Travels All Over Assam On Foot: ইতিমধ্যে অসমৰ ২৯ খন জিলাত পদযাত্ৰা কৰি গোৱালপাৰা জিলাৰ দুধনৈত ভৰি দিছে কলিতাই ৷

Travels All Over Assam On Foot: ইতিমধ্যে অসমৰ ২৯ খন জিলাত পদযাত্ৰা কৰি গোৱালপাৰা জিলাৰ দুধনৈত ভৰি দিছে কলিতাই ৷

  • Share this:
মূৰত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ প্ৰতীক, হাতত দেশৰ ত্ৰিৰংগা লৈ দৰং জিলাৰ ছিপাঝাৰৰ দুনীৰ যুৱক গৌৰীশংকৰ কলিতাই সমগ্ৰ অসম খোজকাঢ়ি যাত্ৰা কৰিছে ৷ প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰি গঁড় হত্যা বন্ধ কৰা, এখন ড্ৰাগছমুক্ত অসম গঢ়া আৰু ৰক্তদানৰ জৰিয়তে জীৱন দান দিয়া বিষয়কেইটাক  উদ্দেশ্য  হিচাবে লৈ ২০২১ চনৰ ২৪ ডিচেম্বৰৰ দিনা মঙলদৈ প্ৰেছ ক্লাবৰ (Mangaldoi Press Club) পৰা এই পদযাত্ৰা আৰম্ভ কৰিছিল৷

প্ৰকৃতিৰ বন্ধু গৌৰীশংকৰ কলিতাই "ত্ৰিৰংগা যাত্ৰা" (Triranga Jatra)  নামেৰে আৰম্ভ কৰা এই পদযাত্ৰাত আৰক্ষী তথা প্ৰশাসনেও আদৰণি জনায়। ৰাইজৰ সহযোগিতাত উক্ত বিষয়কেইটা সমাধানৰ পথ ওলাব আৰু অসমখন দেশৰ ভিতৰতে এখন জাকত জিলিকা অসম হিচাবে গঢ় লৈ উঠিব বুলি দৃঢ় বিশ্বাসী গৌৰীশংকৰ কলিতা  (Gaurishankar Kalita) ৷

ইতিমধ্যে অসমৰ ২৯ খন জিলাত পদযাত্ৰা কৰি গোৱালপাৰা জিলাৰ দুধনৈত ভৰি দিছে কলিতাই ৷ পশ্চিম অসমৰ বাকী থকা জিলাকেইখনত পদযাত্ৰা কৰি এই সজাগতামূলক এই যাত্ৰাৰ সামৰণি মাৰিব তেওঁ ৷ গৌৰীশংকৰৰ পদযাত্ৰাত  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু জিলা আৰক্ষী অধীক্ষকৰ লগতে স্থানীয় প্ৰশাসন আদিয়ে যথেষ্ট সহায় কৰা বুলি কয় যুৱকজনে৷ উল্লেখ্য যে ২০১৯ চনতো অসমৰ পৰা দিল্লীলৈ একেই উদ্দেশ্য লৈ পদযাত্ৰা কৰিছিল যুৱকজনে৷ NEWS18ৰ পৰাও গৌৰীশংকৰ কলিতালৈ শুভ কামনা জনালোঁ আৰু তেওঁৰ এই অভিযান যাতে সুকলমে সমাপ্ত হয় তাকেই কামনা কৰিলোঁ ৷

শেহতীয়া বাতৰি