পানীৰ মাজত থকা শিলচৰ। অঞ্চলটোৰ বান পৰিস্থিতি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰকাৰী দলৰ নাৱত উঠি পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালতে এটা বিশেষ ঘটনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্ৰীক সম্ভাষণ জনোৱাৰ বাবে এজন বাসিন্দাক এবুকু পানীৰ মাজেৰে আগবাঢ়ি আহিবলৈ চেষ্টা কৰা দেখা যায়। হাতত গামোচা লৈ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনাব বিচৰা যুৱকজনক পিছত মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) নির্দেশ মৰ্মে দুজন উদ্ধাৰকৰ্তাই পানীৰ মাজেৰে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আনে আৰু তেওঁৰ গামোচা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰে।
শিলচৰত দেখিবলৈ পোৱা এই ঘটনাটো কেমেৰাত বন্দী হয়। সংবাদ সংস্থা এএনআইৰ এটা ভিডিঅ'ত এই দৃশ্য প্ৰত্যক্ষ কৰা গৈছে। যুৱকজনে মুখ্যমন্ত্ৰীক গামোচা দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, "যেতিয়া মই পুনৰ আহিম, মই আপোনাৰ সৈতে একাপ চাহ খাম।''
অসমৰ বান পৰিস্থিতিৰ বাবে শিলচৰৰ (Flood Situation in Silchar) পৰিস্থিতি উদ্বেগজনক হৈয়ে আছে। বৰাক নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। শিলচৰৰ বৃহৎ অঞ্চল বিগত কেইদিনমানৰ পৰা প্লাৱিত হৈ থকাত মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে বান পৰিদৰ্শন কৰাৰ পিছত আজি নাৱেৰে পৰিদৰ্শন কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : June 27, 2022, 02:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।