• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaliabor: কলিয়াবৰৰ পাৱাৰলাইন উদ্যোগত অঘটন, ওপৰৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু

Kaliabor: কলিয়াবৰৰ পাৱাৰলাইন উদ্যোগত অঘটন, ওপৰৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু

ছিপাঝাৰৰ যুৱক কুলদীপ নাথে মৃত্যুৰ সময়ত এৰি যায় আঠমহীয়া অন্তঃসত্ত্বা পত্নীক।

ছিপাঝাৰৰ যুৱক কুলদীপ নাথে মৃত্যুৰ সময়ত এৰি যায় আঠমহীয়া অন্তঃসত্ত্বা পত্নীক।

ছিপাঝাৰৰ যুৱক কুলদীপ নাথে মৃত্যুৰ সময়ত এৰি যায় আঠমহীয়া অন্তঃসত্ত্বা পত্নীক।

  • Share this:
মহাৰাষ্ট্ৰৰ পুনেস্থিত কিৰ্লোস্কাৰ অইল ইঞ্জিনছ লিমিটেডৰ অনুমোদিত ডিজেল জেনেৰেটৰ নিৰ্মাণকাৰী উদ‍্যোগ ক'য়েল গ্ৰীন পাৱাৰলাইনত সোমবাৰে হোৱা দুৰ্ঘটনাটোত কুলদীপ নাথ নামৰ কৰ্মচাৰীগৰাকীৰ মৃত‍্যু হয়।

কলিয়াবৰৰ নলতলীৰ আৰিমৰাত থকা অসম ঔদ‍্যোগিক বিকাশ নিগমৰ ঔদ্যোগিক আন্তঃগাঁথনি কেন্দ্ৰ চৌহদত থকা ক'য়েল গ্ৰীন পাৱাৰলাইন উদ‍্যোগটোত বিদ‍্যুৎ বিভাগৰ কৰ্মচাৰী  কুলদীপ নাথ বৈদ‍্যুতিক সা-সৰঞ্জাম মেৰামতি কৰাৰ সময়ত ওপৰৰ পৰা তললৈ পৰি গুৰুতৰভাৱে আহত হয়।

গুৰতৰভাৱে আহত  নাথ নামৰ কৰ্মচাৰীজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত তেজপুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে কুলদীপ নাথক মৃত ঘোষণা কৰে। উল্লেখ্য যে ছিপাঝাৰৰ যুৱক কুলদীপ নাথে মৃত্যুৰ সময়ত এৰি যায় আঠমহীয়া অন্তঃসত্ত্বা পত্নীক।
Published by:Gautam Barman
First published: