ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ গোলাঘাটৰ ডলী ৰয়ক

২০০৮ চনৰ পৰা বিদেশী ন্যায়ধীকৰণত গোচৰ চলি আছিল ডলী ৰয়ৰ বিৰুদ্ধে।

News18-Assam
Updated:June 12, 2019, 11:10 AM IST
ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ গোলাঘাটৰ ডলী ৰয়ক
২০০৮ চনৰ পৰা বিদেশী ন্যায়ধীকৰণত গোচৰ চলি আছিল ডলী ৰয়ৰ বিৰুদ্ধে।
News18-Assam
Updated: June 12, 2019, 11:10 AM IST
গোলাঘাটৰ ডলী ৰয় নামৰ এগৰাকী মহিলাক এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। গোলাঘাটৰ ৪নং ৱাৰ্ডৰ বাসিন্দা ডলী ৰয়। সঞ্জীত ৰয়ৰ পত্নী ডলীৰ মাতৃগৃহ বৰপেটাৰ বহৰিত। যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণৰ আদালতে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি মঙলবাৰে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে ২০০৮ চনৰ পৰা বিদেশী ন্যায়ধীকৰণত গোচৰ চলি আছিল ডলী ৰয়ৰ বিৰুদ্ধে। বিগত তিনিটাকৈ তাৰিখত মহিলাগৰাকী আদালতত হাজিৰ হোৱা নাছিল। মঙলবাৰে নিশা হোৱা বাবে নিশাটো গোলাঘাট আৰক্ষীৰ জিম্মাত থকাৰ পিছত আজি যোৰহাট ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি