বিনা দোষত আঢ়ৈ বছৰে ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন মধুবালাৰ

News18-Assam
Updated:June 2, 2019, 1:37 PM IST
বিনা দোষত আঢ়ৈ বছৰে ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন মধুবালাৰ
বিদেশী ঘোষিত মহিলাৰ সৈতে একে নামৰ হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে।

বিদেশী ঘোষিত মহিলাৰ সৈতে একে নামৰ হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে।

  • Share this:
অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা সীমান্ত আৰক্ষী বিষয়া ছানাউল্লাহক বিদেশী ঘোষণাৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে এইবাৰ চিৰাঙৰ এগৰাকী মহিলাক বিদেশী ঘোষিত নোহোৱাকৈয়ে আঢ়ৈ বছৰে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখাৰ ঘটনা পোহৰলৈ আহিছে। বিদেশী ঘোষিত মহিলাৰ সৈতে একে নামৰ হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে।



চিৰাং জিলাৰ বিজনীৰ ১নং বিষ্ণুপুৰৰ এই মহিলাগৰাকীৰ নাম মধুবালা মণ্ডল। বিদেশী ঘোষিত নোহোৱাকৈয়ে এই মহিলাগৰাকীয়ে আঢ়ৈ বছৰ ধৰি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে ডিটেনশ্যন কেম্পত। স্থানীয় লোকৰ অভিযোগ অনুসৰি, ২০১৬ চনত বিদেশী ন্যায়াধীকৰণে ১নং বিষ্ণুপুৰৰ মাখন নমঃদাসৰ পত্নী মধুবালা নমঃদাসলৈ প্ৰেৰণ কৰিছিল বিদেশীৰ জাননী। কিন্তু ইতিমধ্যে মৃত্যু হৈছে মাখন নমঃদাস আৰু মধুবালা নমঃদাসৰ। ইয়াৰ পিছতে বিদেশী ন্যায়াধীকৰণে উক্ত জাননীৰ ভিত্তিত মধুবালা দাসক বিচাৰি নাপাই একে গাঁৱৰে মধুবালা মণ্ডলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে। সম্প্ৰতি কোকৰাঝাৰ ডিটেনশ্যন কেম্পত আছে মধুবালা মণ্ডল।



উল্লেখযোগ্য যে ১৯৭১ৰ ভোটাৰ তালিকাৰ লগতে অন্যান্য নথি–পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণে মধুবালা মণ্ডলক অযথা বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে। যাৰ ফলত দৰিদ্ৰ মধুবালা মণ্ডলৰ বিশেষভাৱে সক্ষম একমাত্ৰ কন্যা এতিয়া নিথৰুৱা হৈ পৰিছে। বৰ্তমান মধুবালাৰ পিতৃ নেপাল মণ্ডলৰ গৃহত আশ্ৰয় লৈ আছে ফুলমালা মণ্ডল।

স্থানীয় লোকে জনোৱা অনুসৰি, এই ঘটনাক লৈ আইনৰ কাষ চপাৰ লগতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষককো লিখিতভাৱে জনোৱা হৈছিল। কিন্তু কোনো সঁহাৰি নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে। যাৰ ফলত অতি দৰিদ্ৰ মধুবালাই বিনা কাৰণতে কোকৰাঝাৰ ডিটেনশ্যন কেম্পত কটাবলগীয়া হৈছে বন্দীত্বৰ জীৱন। মধুবালা মণ্ডলক ন্যায় প্ৰদানৰ দাবী তুলিছে স্থানীয় লোকৰ লগতে দল–সংগঠনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি