সোণাৰিৰ চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত স্বামীৰ ঘৰৰ অত্যাচাৰৰ বাবে ন্যায় বিচাৰি একক প্ৰতিবাদ সাব্যস্ত কৰে এগৰাকী ভুক্তভোগী মহিলাই। মাজুলী জেংৰাইচাপৰিৰ মৃদুলা পাটিৰি নামৰ মহিলাগৰাকীক স্বামীৰ পৰিয়ালে অত্যাচাৰ কৰাৰ লগতে ঘৰৰ পৰা খেদি উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
প্ৰায় আঠ মাহৰ আগতে মাজুলী জেংৰাইচাপৰীৰ টেট শিক্ষক মনজ্যোতি পাটিৰিৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেওঁ। বিবাহ হোৱাৰ পিছৰে পৰা স্বামী ঘৰৰ পৰিয়ালে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিকভাবে অত্যাচাৰ চলাই আহিছে বুলি অভিযোগ কৰে তেওঁ।
টেট শিক্ষক ৰূপে মনজ্যোতি পাটিৰি সোণাৰি বৰহাট ৭০৯ নং মিছাজান প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত। মহিলাগৰাকীয়ে মাজুলীৰ ঘৰখনত অত্যাচাৰ সহিব নোৱাৰি সোণাৰিত কৰ্মসূত্ৰে থকা মনজ্যোতিৰ ভাড়াঘৰলৈ আহিছিল যদিও নিজ স্বামী মনজ্যোতিয়ে অভব্য আচৰণ কৰি খেদি দিয়ে বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে।
ভুক্তভোগী মহিলাগৰাকীয়ে বৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও কোনো সঁহাৰি লাভ নকৰাত চৰাইদেউ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে অৱস্থান ধৰ্মঘটত বহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ন্যায় বিচাৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|