உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jorhat: যোৰহাট নগৰৰ মাজমজিয়াত ভয়ংকৰ অঘটন, এজোপা গছৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ, আহত দুজন

    Jorhat: যোৰহাট নগৰৰ মাজমজিয়াত ভয়ংকৰ অঘটন, এজোপা গছৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ, আহত দুজন

    সেই সময়ত বৰুৱা চাৰিআলিৰ ট্ৰেফিক পইন্টটোত সেই পথেৰে যাব লগা যান-বাহনসমূহৰ বাবে ৰেডলাইট জ্বলি থকা বাবে হতাহতৰ পৰিমাণ বহু কম হয় 

    সেই সময়ত বৰুৱা চাৰিআলিৰ ট্ৰেফিক পইন্টটোত সেই পথেৰে যাব লগা যান-বাহনসমূহৰ বাবে ৰেডলাইট জ্বলি থকা বাবে হতাহতৰ পৰিমাণ বহু কম হয় 

    সেই সময়ত বৰুৱা চাৰিআলিৰ ট্ৰেফিক পইন্টটোত সেই পথেৰে যাব লগা যান-বাহনসমূহৰ বাবে ৰেডলাইট জ্বলি থকা বাবে হতাহতৰ পৰিমাণ বহু কম হয় 

    • Share this:
    যোৰহাটৰ বৰুৱা চাৰিআলিত মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ অঘটন । পথৰ কাষত থকা এজোপা গছৰ বাবে মৃত্যুমুখত পৰে এগৰাকী মহিলা। দৈৱক্ৰমে বৰুৱা চাৰিআলিৰ ট্ৰেফিক ছিগনেলত জে বি কলেজ হৈ গীতাৰ্থী পইন্টলৈ যোৱা পথছোৱাৰ দিশে ৰেডলাইট জ্বলি থকা বাবে বহু লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ।

    বৰুৱা চাৰিআলিৰ ট্ৰেফিক পইন্টটোৰ সমীপতে এজোপা প্ৰায় এশ বছৰ পুৰণি বৃহৎ গছৰ এটা প্ৰকাণ্ড ডাল হঠাৎ ভাগি পৰাত সেই পথেৰে যোৱা দুগৰাকী পথচাৰী  আহত হোৱাৰ লগতে এগৰাকী মহিলা নিহত হয় । গছৰ ডাল পৰি গুৰুতৰভাৱে আহত হোৱা  মহিলাগৰাকীক সংকটজনক অৱস্থাত জেএমচিএইচত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰে। নিহত মহিলাগৰাকী হ'ল যোৰহাট পুলিবৰৰ পিংকী ৰবিদাস।

    সেই সময়ত বৰুৱা চাৰিআলিৰ ট্ৰেফিক পইন্টটোত সেই পথেৰে যাব লগা যান-বাহনসমূহৰ বাবে ৰেডলাইট জ্বলি থকা বাবে হতাহতৰ পৰিমাণ বহু কম হয় । অতি ব্যস্ততাপূৰ্ণ এই চাৰিআলিটোত মঙলবাৰে ঈদৰ বন্ধৰ দিন হোৱা বাবে আন দিনতকৈ জনসমাগম সেৰেঙা আছিল। এই ঘটনাই সকলোকে সচকিত কৰি তুলিছে। কাৰণ নগৰাঞ্চলৰ জনসমাগম হোৱা বহু স্থানত আছে বৃহৎ বৃহৎ পুৰণি গছ। এই গছবোৰ উভাল খাই পৰি জন-ধনৰ বিস্তৰ ক্ষতি কৰাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে। এই সন্দৰ্ভত জিলা প্ৰশাসনকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জনসাধাৰণে।

    কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপন কৰিছে বন বিভাগে। কাৰণ বন বিভাগে নগৰাঞ্চলত থকা  এনেবোৰ পুৰণা গছ কেতিয়াবা কোনো কাৰণত কাটিব লগা হ'লে প্ৰকৃতিপ্ৰেমী সংগঠনকে ধৰি বহু লোকৰ পৰা বাধা লাভ কৰে। এনেবোৰ পুৰণি গছৰ শুকান ডালসমূহ কাটিবলৈ গ'লেও বন বিভাগৰ লোকসকলক বহুতে বাধা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে এগৰাকী বন বিষয়াই।

    " নগৰৰ বিভিন্ন স্থানত বিপজ্জনকভাৱে থকা পুৰণা গছবোৰ তথা ইয়াৰ শুকান ডালবোৰ কোনো কাৰণত কাটিবলৈ আহিলে আমাক বিভিন্ন লোকে বাধা প্ৰদান কৰে, সমালোচনা কৰে । আনহাতে গছ এজোপা শুকাই নগ'লে আমি কাটিবও নোৱাৰোঁ।" বন বিষয়া গয়া গগৈয়ে এনেদৰে কয়।

    বৰ্তমান যোৰহাটৰ দৰে বহু ঠাইত এক সমস্যা সদৃশ হৈ পৰা এনেবোৰ শুকান গছৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিলে দুৰ্ঘটনাৰ সম্ভাৱনা হ্ৰাস পাব সেয়া বৰ্তমান এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
    Published by:Gautam Barman
    First published: