মুখ্যপৃষ্ঠা »খবৰ »অসম »Leopard in Guwahati: পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত এগৰাকী মহিলা

Leopard in Guwahati: পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত এগৰাকী মহিলা

file Photo

প্ৰায় এঘণ্টা ধৰি বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত।

  • Share this:
কালি মহানগৰীৰ ধাৰাপুৰত অজগৰ উদ্ধাৰ হোৱাৰ পিছত আজি মহানগৰীত বাঘে চলালে সন্ত্ৰাস। মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা।
পাণ্ডুৰ আদাবাৰী কলনীত এটা ৰে’লৱে কোৱাৰ্টাৰত আশ্ৰয় লৈ থকা নাহৰফুটুকীটোৱে এগৰাকী মহিলাক আক্ৰমণ কৰে (Leopard in Guwahati)।

প্ৰাতভ্ৰমণৰ সময়ত অঞ্জু ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক আক্ৰমণ কৰে। তেওঁক বৰ্তমান পাণ্ডু ৰে'লৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, ঘটনাস্থলীত বাঘে সন্ত্ৰাস চলোৱাৰ পিছতো খবৰ দিয়াৰ লগে লগে উপস্থিত হোৱা নাছিল বন বিভাগৰ লোক তথা আৰক্ষীয়ে (woman was attacked by a leopard)।

প্ৰায় এঘণ্টা ধৰি বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত। সমান্তৰালভাৱে সমগ্ৰ অঞ্চলটোত সাধাৰাণ লোকে ভিৰ কৰা দেখা যায়।

শেহতীয়া বাতৰি