No Parkingত গাড়ী ৰখোৱাক কেন্দ্ৰ কৰি সোমবাৰে নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, নাৰ্গিছ চুলতানা নামৰ এগৰাকী মহিলাই ধনেশ্বৰ দাস নামৰ এগৰাকী কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ জোৱানক শাৰিৰীক ভাৱে অপদস্থ কৰে। নাৰ্গিছ চুলতানাই তেওঁৰ ভাতৃ শ্বাহবাজ আলমৰ এল্ট' গাড়ীখন মাৰোৱাৰীপট্টিৰ ন' পাৰ্কিং এলেকাত ৰাখিছিল। সেইসময়ত কৰ্তব্যৰত আৰক্ষীৰ জোৱান ধনেশ্বৰ দাসে এই কাৰ্যত বাধা দিয়ে যদিও তেওঁলোকে আৰক্ষীৰ নিৰ্দেশ অৱজ্ঞা কৰি সেই স্থানতে বাহনখন ৰাখে।
ইয়াৰ পিছতে যানবাহন আৰক্ষীৰ জোৱানজনে তেওঁলোকৰ বাহনখনত কেকোঁৰা লগাই দিয়াত তেওঁলোক আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু ইয়াৰ মাজতে আৰক্ষীৰ জোৱান গৰাকীক নাৰ্গিছে শাৰিৰীক ভাৱে অপদস্থ কৰে।
পিছত যানবাহন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নাৰ্গিছ চুলতানা আৰু শ্বাহবাজ আলমক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে, অভিযুক্ত নাৰ্গিছ চুলতানাই ওলোটাই আৰক্ষীৰ জোৱান গৰাকীয়েহে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে।
উল্লেখযোগ্য যে, আৰক্ষী জোৱানগৰাকীয়ে মহিলাগৰাকীক অপদস্থ কৰাৰ অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰে ঘটনাস্থলীত উপস্থিত ৰাইজে। এই ঘটনাৰ ফলত নগাঁৱৰ ৰাজপথত দীৰ্ঘসময় ধৰি যান-যঁটৰ সৃষ্টি হয়। আৰক্ষীক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা নাৰ্গিছ চুলতানা আৰু শ্বাহবাজ আলমৰ ঘৰ নগাঁও চহৰৰ বৰভেটিত বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 04, 2021, 14:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।