• Home
  • »
  • News
  • »
  • assam
  • »
  • JORHAT : যোৰহাটত কেইবাঘণ্টা ধৰি পথৰ কাষত পৰি থাকিল বিবস্ত্ৰ মহিলা, খবৰ পোৱাৰ ৪ ঘণ্টাৰ মূৰত উপস্থিত আৰক্ষী

JORHAT : যোৰহাটত কেইবাঘণ্টা ধৰি পথৰ কাষত পৰি থাকিল বিবস্ত্ৰ মহিলা, খবৰ পোৱাৰ ৪ ঘণ্টাৰ মূৰত উপস্থিত আৰক্ষী

চৰকাৰৰ সমগ্ৰ ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ উদঙাই দেওবাৰে পুৱা দহ বজালৈকে যোৰহাটৰ ৰাজপথৰ কাষত পৰি ৰ'ল এগৰাকী আঘাতপ্ৰাপ্ত উলংগ মহিলা।

চৰকাৰৰ সমগ্ৰ ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ উদঙাই দেওবাৰে পুৱা দহ বজালৈকে যোৰহাটৰ ৰাজপথৰ কাষত পৰি ৰ'ল এগৰাকী আঘাতপ্ৰাপ্ত উলংগ মহিলা।

চৰকাৰৰ সমগ্ৰ ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ উদঙাই দেওবাৰে পুৱা দহ বজালৈকে যোৰহাটৰ ৰাজপথৰ কাষত পৰি ৰ'ল এগৰাকী আঘাতপ্ৰাপ্ত উলংগ মহিলা।

  • Share this:
দেওবাৰে পুৱা যোৰহাটৰ ৰজাবাৰীৰ ভাৰতীয় চাহ বোৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত গড়আলি তথা ৰে'ললাইনৰ কাষত পৰি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে এগৰাকী উলংগ মহিলা। শৰীৰত বহু আঘাত লৈ মুমূৰ্ষু অৱস্থাত থকা মহিলাগৰাকীক স্থানীয় লোকসকলে সহায় আগবঢ়াই মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলায়।

পুৱা ৬ বজাতে ১০৮ তথা পিছত আৰক্ষীক খবৰ দিয়া হয়। কিন্তু পৰিতাপৰ কথা যে চাৰি ঘণ্টা ধৰি পুৱা দহ বজা পৰ্যন্ত প্ৰাণৰ মমতাত কাতৰভাবে চিঞৰি থকা মহিলাগৰাকীৰ কাষত উপস্থিত নহ'ল ১০৮ অথবা আৰক্ষী ।

প্ৰায় ১০.১৫ বজাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ মৃত্যু হয় মহিলাগৰাকীৰ। এই ঘটনাই উদঙাই দিছে মহিলা তথা শিশুৰ সুৰক্ষাক লৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ পয়ালগা স্বৰূপ।

বৰ্তমান সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে যে দুখন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত পথৰ কাষত পৰি থকা এগৰাকী আঘাতপ্ৰাপ্ত উলংগ মহিলাৰ কাষত উপস্থিত হ'বলৈ যোৰহাট আৰক্ষীক কিয় কেইবাঘন্টা সময়ৰ প্ৰয়োজন হ'ল? প্ৰশ্ন উঠিছে যে পুৱা ৬ বজাতে ১০৮ক খবৰ দিয়াৰ পিছতো কিয় নাহিল ১০৮ৰ এম্বুলেন্স? 

 মহিলাগৰাকীৰ শৰীৰত থকা আঘাতৰ দাগসমূহলৈ চাই উলংগ মহিলাগৰাকীৰ ওপৰত কোনো লোকে তীব্ৰ শাৰীৰিক নিৰ্যাতন চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে । আনহাতে মহিলাগৰাকীক পথৰ ইটো পাৰৰ পৰা চোঁচৰাই ৰেললাইনৰ কাষলৈ অনা বুলি সন্দেহ কৰা হৈছে পথত পৰি থকা তেজৰ দাগসমূহৰ পৰা (Woman lay on the roadside for several hours in Jorhat)।

আনহাতে পুৱা ৬ বজাত স্থানীয় লোকৰ সৈতে কথা পাতি মহিলাগৰাকীয়ে তেওঁৰ ঘৰৰ মোবাইল নম্বৰো দিছিল । আঘাতপ্ৰাপ্ত মহিলাগৰাকীয়ে তেওঁক এই অৱস্থা "জৱাই"য়ে কৰিলে বুলি জানিবলৈ দি তেওঁক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছিল স্থানীয় লোকসকলক। কিন্তু স্থানীয় লোকে পুৱাতেই খবৰ দিলে যদিও ১০৮ কিম্বা আৰক্ষী কাৰোৰেই সক্ৰিয়তা দেখিবলৈ পোৱা নগ'ল। এই ঘটনাৰ আঁৰৰ কাহিনী কি বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ গাফিলতি সন্দৰ্ভত এক উচিত তদন্ত হোৱাটো বিচাৰিছে জনসাধাৰণে।
Published by:Gautam Barman
First published: