• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণা ভাইৰাছে স্পৰ্শ কৰিব নোৱাৰা দুধনৈৰ এখন গাঁও, প্ৰকৃতিৰ কোলাত লালিত–পালিত গাঁওখনত এজনো নাই কোভিড ৰোগী

কোৰোণা ভাইৰাছে স্পৰ্শ কৰিব নোৱাৰা দুধনৈৰ এখন গাঁও, প্ৰকৃতিৰ কোলাত লালিত–পালিত গাঁওখনত এজনো নাই কোভিড ৰোগী

প্ৰায় তিনি হাজাৰ গাৰো জনবসতি পূৰ্ণ নিছানগ্ৰামক কোভিডৰ দুটাকৈ লহৰে স্পৰ্শ কৰিব নোৱাৰাতো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

প্ৰায় তিনি হাজাৰ গাৰো জনবসতি পূৰ্ণ নিছানগ্ৰামক কোভিডৰ দুটাকৈ লহৰে স্পৰ্শ কৰিব নোৱাৰাতো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

প্ৰায় তিনি হাজাৰ গাৰো জনবসতি পূৰ্ণ নিছানগ্ৰামক কোভিডৰ দুটাকৈ লহৰে স্পৰ্শ কৰিব নোৱাৰাতো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

  • Share this:
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কোৰোণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ যোৱা বছৰৰ দৰে এই বাৰো কোভিডে চুই গৈছে অসমৰ প্ৰতিটো প্ৰান্ত৷ কোনো এটা অঞ্চল বা কোনো এখন গাঁও নাই য’ত কোৰোণাৰ প্ৰভাৱ পৰা নাই৷ কিন্তু তাৰ মাজতে গোৱালপাৰাৰ দুধনৈত থকা এখন গাঁৱত কোৰোণাৰ কি প্ৰথম, কি দ্বিতীয় দুয়োটা ঢৌয়ে স্পৰ্শ কৰিব পৰা নাই। প্ৰায় তিনি হাজাৰ লোকে বসবাস কৰা গাঁওখনৰ এজন লোকো আক্ৰান্ত হোৱা নাই কোৰোণাত৷

দুধনৈৰ এখন অঘোষিত পৰিস্কাৰ গাঁও ৷ কোভিডৰ প্ৰথম আৰু দ্বিতীয় লহৰে ধুকি নোপোৱা গাঁওখন সম্প্ৰতি গোৱালপাৰা জিলাখনতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ জিলাখনৰ দুধনৈৰ নিকটৱৰ্তী  তথা অসম-মেঘালয় সীমামূৰীয়া গাঁওখন হৈছে “নিছানগ্ৰাম”৷

গাঁওখনত প্ৰৱেশ কৰিলেই চকুত ভাহি আহে এখন সুন্দৰ প্ৰতিচ্ছবি৷ ফু-মাৰি ভাত খাব পৰা গাঁওখনৰ বাট-পথ৷ কাগজৰ টুকুৰা, প্লাষ্টিক বৰ্জিত এখন গাঁও নিছানগ্ৰাম৷ গাঁওখনত প্ৰৱেশ কৰা প্ৰতিজন লোকৰে মন–প্ৰাণ ভৰি পৰে এক আনাবিল আনন্দত৷ গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ আৰু মুক্ত বতাহে পলকতে মন প্ৰাণ পুলকিত কৰে৷ শাৰী-শাৰী গছ–লতা, বিভিন্ন ৰঙ–বিৰঙৰ ফুলে হাতবাউলি মাতে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক৷ এয়াই নিছানগ্ৰাম৷

প্ৰায় তিনি হাজাৰ গাৰো জনবসতি পূৰ্ণ নিছানগ্ৰামক কোভিডৰ দুটাকৈ লহৰে স্পৰ্শ কৰিব নোৱাৰাতো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ সহজ-সৰল জনজাতি বসতিপ্ৰধান এই অঞ্চলত চৰকাৰ তথা স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নীতি–নিয়ম পালন কৰিছে এওঁলোকে৷ আনহাতে, আন ঠাইৰ লেখিয়া নীতি–নিয়ম ভংগৰ প্ৰৱণতা নাই এওঁলোকৰ মাজত৷ ইফালে কোভিডৰ নীতি–নিয়ম পালনৰ মাজতে কোনোৱে পাহৰি যোৱা নাই সামাজিক দায়বদ্ধতাৰ কথা৷ সপ্তাহত এদিনকৈ ডেকা–বুঢ়াই মিলি পৰিস্কাৰকৈ ৰাখিছে গাঁওখনক৷

সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকাৰ বাবেই হয়তো থমকি ৰ’ব লগা হৈছে মহামাৰী কোৰোণাও ৷ সেয়ে এতিয়া জিলাখনৰ সৰ্বত্ৰে চৰ্চিত হৈছে কোভিডে স্পৰ্শ কৰিব নোৱাৰা নিছানগ্ৰাম গাঁওখন৷ চৰকাৰে ঘোষণা নকৰিলেও “স্বচ্ছ” গাঁও হিচাপে ইতিমধ্যে জিলাখনত জনাজাত এই গাঁওখন। পৰিস্কাৰ–পৰিচ্ছন্নতাই গাঁওবাসীৰ মূল আৰু প্ৰথম উদ্দেশ্য৷

সেউজীয়া পাহাৰে আবৰা গাঁওখনত নিষিদ্ধ নিচাজাতীয় সামগ্ৰী, প্লাষ্টিক। মাস্ক পৰিধান নকৰিলে গাঁওখনত আনকি প্ৰৱেশো নিষিদ্ধ বাহিৰৰ লোকৰ৷ চৰকাৰে জাৰি কৰা কোভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাবোৰ আখৰে আখৰে পালন কৰিছে গাঁওবাসীয়ে, ভেকচিনো লৈছে তেওঁলোকে৷ আনকি ভিৰ কৰা নাই গিৰ্জা ঘৰ অথবা সামাজিক কাম-কাজত৷ যাৰ বাবে কোভিডমুক্ত হৈ আছে গাঁওখন৷
Published by:Sanjay Kumar Das
First published: