মুখ্যপৃষ্ঠা »খবৰ »অসম »মৰমৰ ‘ছলমান’ৰ মৃত্যুত শোকস্তব্ধ গাঁওবাসী, শৱদেহ লৈ উলিয়ালে শোভাযাত্ৰা, কিন্তু কোনো মানুহ নহয় এই ‘ছলমান’

মৰমৰ ‘ছলমান’ৰ মৃত্যুত শোকস্তব্ধ গাঁওবাসী, শৱদেহ লৈ উলিয়ালে শোভাযাত্ৰা, কিন্তু কোনো মানুহ নহয় এই ‘ছলমান’

কিন্তু কিছুদিন পূৰ্বে অসুস্থতাত ভুগি মৃত্যুক সাবটি লয় ছলমানে। ছলমানৰ মৃত্যুত শোকৰ ছাঁ পৰে গাঁওখনত।

কিন্তু কিছুদিন পূৰ্বে অসুস্থতাত ভুগি মৃত্যুক সাবটি লয় ছলমানে। ছলমানৰ মৃত্যুত শোকৰ ছাঁ পৰে গাঁওখনত।

কিন্তু কিছুদিন পূৰ্বে অসুস্থতাত ভুগি মৃত্যুক সাবটি লয় ছলমানে। ছলমানৰ মৃত্যুত শোকৰ ছাঁ পৰে গাঁওখনত।

  • Share this:
কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত আলেকজাৰি গাঁৱত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। জীৱকুলৰ প্ৰতি থকা অকৃত্ৰিম মৰমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে আলেকজাৰি গাঁওবাসীয়ে। এই মৰমৰ এটা কুকুৰৰ বাবে।

বিগত দুবছৰ আগত আলেকজাৰিৰ এটি পৰিয়ালে পুহিবৰ বাবে আনিছিল এটা কুকুৰ। সময় বাগৰি যোৱাৰ লগে লগে এই কুকুৰটো সমগ্ৰ গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ মৰমৰ সদস্য হৈ পৰিছিল। নাম দিয়া হৈছিল ‘ছলমান’।

কিন্তু কিছুদিন পূৰ্বে অসুস্থতাত ভুগি মৃত্যুক সাবটি লয় ছলমানে। ছলমানৰ মৃত্যুত শোকৰ ছাঁ পৰে গাঁওখনত। ছলমানৰ মৃত্যুৰ পিছত গাঁওখনৰ একাংশ লোকে মিলি শৱদেহ লৈ শোভাযাত্ৰা কৰি কলাজল নৈৰ পাৰত সমাধিস্থ কৰে। ছলমানৰ স্মৃতিৰ চিন স্বৰূপে কলাজলৰ পাৰ ৰোপণ কৰিলে এটা আম গছৰ পুলি। বাঁহেৰে বনাই দিলে এটা স্মৃতিসৌধ।

শেহতীয়া বাতৰি