• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ত উৎখাত তেল চুৰি চক্ৰই চুৰি কাণ্ড সংঘটিত কৰা স্থান

নুমলীগড়ত উৎখাত তেল চুৰি চক্ৰই চুৰি কাণ্ড সংঘটিত কৰা স্থান

এটা দুষ্ট চক্ৰই অইল ইণ্ডিয়াৰ পাইপ লাইন ফুটা কৰি মটৰ লগাই দীৰ্ঘদিন ধৰি চলাই আহিছিল চুৰিকাণ্ড।

এটা দুষ্ট চক্ৰই অইল ইণ্ডিয়াৰ পাইপ লাইন ফুটা কৰি মটৰ লগাই দীৰ্ঘদিন ধৰি চলাই আহিছিল চুৰিকাণ্ড।

এটা দুষ্ট চক্ৰই অইল ইণ্ডিয়াৰ পাইপ লাইন ফুটা কৰি মটৰ লগাই দীৰ্ঘদিন ধৰি চলাই আহিছিল চুৰিকাণ্ড।

  • Share this:
নুমলীগড়ত উৎখাত হ'ল এটা তেল চুৰি চক্ৰই তেল চুৰি কাণ্ড সংঘটিত কৰা স্থান। শনিবাৰে নিশা একাংশ গাঁওবাসী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত ধৰা পৰে এই তেল চুৰি কাণ্ড সংঘটিত কৰা স্থান। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০০ মিটাৰ নিলগত নুমলীগড় চাহ বাগিচাৰ মাজৰ এক নিৰ্জন ঠাইত পাইপ ফুটাই মটৰ লগাই  তেল চুৰি কৰি অহাৰ কথা পোহৰলৈ আহে।

জানিব পৰা মতে, এটা দুষ্ট চক্ৰই অইল ইণ্ডিয়াৰ পাইপ লাইন ফুটা কৰি মটৰ লগাই দীৰ্ঘদিন ধৰি চলাই আহিছিল চুৰিকাণ্ড। এই কথা অৱগত হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষী, অইল ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈছে। নুমলীগড়ৰ এনআৰএলৰ পৰা শিলিগুৰি লৈ যোৱা পাইপলাইন ফুটাই মটৰ,ভেলৱ লগাই এটা তেল চুৰি চক্ৰই দৈনিক কৰি আহিছিল তেল চুৰি। বিগত বহুদিন তেল চুৰি চক্ৰটোৱে নুমলীগড় আৰক্ষীৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ একপ্ৰকাৰৰ ব্যতিব্যস্ত কৰি আহিছিল। আৰক্ষী আৰু অইলৰ লোক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে দীৰ্ঘদিন  ধৰি নুমলীগড় ভিন্ন  অঞ্চলত একাংশ  অসাধু চক্ৰই নিত্য নতুন  কৌশল  অৱলম্বন  কৰি চুৰিৰ বেহা চলাই  আহিছে ।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি