মঙলবাৰে বোকাখাত চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বাগিচা পৰিচালকৰ সৈতে বাকযুদ্ধত লিপ্ত হ'ল আটছা কৰ্মী ৷
আজি চাহ জনগোষ্ঠী লোকসকলৰ পবিত্ৰ কৰম পূজা ৷ কৰম পূজাৰ দিনটো ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিলে যদিও বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ দৈনিক হাজিৰাৰ বিষয়ে উল্লেখ নকৰিলে। ইফালে বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকে কাম বন্ধ কৰিলে শ্ৰমিকক দৈনিক হাজিৰা নিদিয়ে বুলি অৱগত কৰে ৷ সেয়েহে কৰম পূজাৰ দিনটোত কামলৈ বুলি চাহ বাগিচাত কৰ্মৰত পুৰুষ-মহিলা ওলাই আহিছিল। ইয়াৰ পাছতে লাগিল অথন্তৰ। প্ৰথম অৱস্থাত আটছা আৰু অসম চাহ মজদুৰ সংঘ, বাগিচা শাখাৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয় আৰু লগতে পাছলৈ মাৰপিটতো লিপ্ত হয়। এই বাকযুদ্ধৰ পাছত চৰকাৰী নিয়ম মানি কাম বন্ধ কৰিবৰ বাবে বাগিচা পৰিচালকৰে আটছাৰ কৰ্মী আৰু বাগিচা পৰিচালকৰ মাজত বাকযুদ্ধ লাগে। দৰাচলতে, ৰাজ্য চৰকাৰে কৰম পূজা উপলক্ষে মঙলবাৰে বন্ধ ঘোষণা কৰে। ইয়াৰ পাছতে বোকোখাতৰ এখন চাহ বাগিচা ইয়াৰ কৰ্তৃপক্ষই বন্ধ দিয়ে যদিও এই দিনটোত কোনো হাজিৰা(বেতন) নিদিয়ে বুলি কয়। ইয়াৰ পাছতে, চাহ শ্ৰমিকসকলে হাজিৰাৰ বাবে কৰম পূজাৰ দিনাও কাম কৰিবলৈ বুলি ওলাই আহে। এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰে আটছা আৰু বাগিচা সংঘই।
উল্লেখযোগ্য যে, পৰিস্থিতি উত্তপ্ত হৈ পৰে যদিও আটছাৰ হেঁচাত বাগিচাৰ শ্ৰমিসকলে দৈনিক হাজিৰা নাপালেও কৰম পূজাৰ দিনটোত কাম নকৰাৰ সিদ্ধান্ত লয়৷ ৰাজ্য চৰকাৰে কৰম পূজাত চৰকাৰী বন্ধ ঘোষণা কৰি চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰা হৈছে বুলি আটছাই চৰকাৰক গৰিহণা দিয়ে৷ ইফালে বাগিচা পৰিচালকে আজিৰ পৰিৱৰ্তে অন্য এটা দিনত বন্ধ দিয়াৰ ঘোষণা কৰিছিল যদিও সেই দিনটোতো কোনো ধৰণৰ দৈনিক হাজিৰা প্ৰদান নকৰে বুলি মন্তব্য কৰে৷ বাগিচা সংঘৰ মতে দৈনিক হাজিৰাসহ বন্ধ দিলেহে সেই বন্ধ মানি ল'ব। কিন্তু হাজিৰাবিহীন বন্ধ তেওঁলোকে কেতিয়াও মানি নলয় বুলি জনায়।