ফুটপাথত পাচলি বিক্ৰী কৰা এজন লোকে লিখি উলিয়ালে ১৫ খনকৈ গ্ৰন্থ

News18 Assam | News18-Assam
Updated:June 27, 2020, 9:54 AM IST
ফুটপাথত পাচলি বিক্ৰী কৰা এজন লোকে লিখি উলিয়ালে ১৫ খনকৈ গ্ৰন্থ
ফুটপাথত পাচলি বিক্ৰী কৰা এজন ব্যক্তি ! পাচলি বিক্ৰী কৰাৰ মাজতে তেওঁ লিখি উলিয়াইছে ১৫ খনকৈ গ্ৰন্থ।

ফুটপাথত পাচলি বিক্ৰী কৰা এজন ব্যক্তি ! পাচলি বিক্ৰী কৰাৰ মাজতে তেওঁ লিখি উলিয়াইছে ১৫ খনকৈ গ্ৰন্থ।

  • Share this:
ফুটপাথত পাচলি বিক্ৰী কৰা এজন ব্যক্তি ! পাচলি বিক্ৰী কৰাৰ মাজতে তেওঁ লিখি উলিয়াইছে ১৫ খনকৈ গ্ৰন্থ। যোৰহাটৰ ফুটপাথৰ এই বিশেষ ব্যক্তিজনৰ নাম  হ’ল লক্ষীৰাম দুৱৰা দাস। নগৰৰ দীপালি ফাৰ্মাছীৰ সমীপত ফুটপাথৰ কাষত দীৰ্ঘদিন ধৰি পাচলি বিক্ৰী কৰি আহিছে তেওঁ। মাজুলীৰ বাসিন্দা লক্ষীৰামে যোৰহাটৰ ভাড়াঘৰত থাকি নগৰত পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে, কঠোৰ পৰিশ্ৰমৰ বলত লক্ষীৰামে এই পৰ্যন্ত লিখি উলিয়াইছে ১৫ খনকৈ গ্ৰন্থ । তেওঁৰ ধৰ্মীয় গ্ৰন্থসমূহ ইতিমধ্যে প্ৰকাশো পাইছে । ২০১৬ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ 'হৰি ভকতিৰ অমৃতবাণী ' প্ৰকাশ পাইছিল । তেওঁ লিখা শেহতীয়া 'মণিকাঞ্চন সংযোগ' ইতিমধ্যে প্ৰকাশ পাইছে ।

এই সন্দৰ্ভত লক্ষীৰামে কয় যে, ‘মোৰ ধৰ্মগ্ৰন্থসমূহৰ প্ৰতি আগ্ৰহ বহু বেছি। সময় পালেই মই পঢ়ো। ৰাইজৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ বাবেই মই লিখা গ্ৰন্থৰ সংখ্যা ১৫ হৈছেগৈ । বহু লোকে মোলৈ ফোন কৰি অনুপ্ৰেৰণা যোগায় । তেওঁলোকে হয়তো নাজানে যে মই ফুটপাথত পাচলি বিক্ৰী কৰো।"
First published: June 27, 2020, 9:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি