মহানগৰীৰ মালিগাঁৱত অঘটন। পুৱতি নিশা এখন দাইলভৰ্তি তীব্ৰবেগী ট্ৰাক মালিগাঁৱৰ কামাখ্যা গেটস্থিত উৰণীয়া সেঁতুৰ নিৰ্মীয়মান খুটাৰ তলত সোমাল। AS13A0105 নম্বৰৰ দাইলভৰ্তি ট্ৰাকখনে দলঙৰ নিৰ্মীয়মান খুটাটোৰ তলেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰোতে এই ঘটনা সংঘটিত হয়। এই ঘটনাৰ পিছতেই উক্ত ঠাইতে ট্ৰাকখন এৰি চালকজনে পলায়ন কৰে। উল্লেখযোগ্য যে, এই ঘটনাত সৌভাগ্যবশতঃ এক বৃহৎ ক্ষয়-ক্ষতিৰ পৰা উৰণীয়া সেঁতুৰ খুটাটো ৰক্ষা পৰিল।
জানিব পৰা মতে, নিৰ্মীয়মান খুটাটোৰ কেইবাফুট আগৰেই পৰা দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে বেৰিকেড দি থৈছিল। কিন্তু ট্ৰাক চালকজনে সেই বেৰিকেড ভাঙি ট্ৰাকখন খুটাৰ তলত প্ৰৱেশ কৰাত এই অঘটন সংঘটিত হয়। ইফালে, এই খবৰ পোৱা মাত্ৰকেই জালুকবাৰী যানবাহন আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। বহু সময়জোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত খুটাৰ তলৰ পৰা ট্ৰাকখন বাহিৰ কৰা হয়। সম্প্ৰতি ট্ৰাকখন জালুকবাৰী যানবাহন আৰক্ষী থানালৈ লৈ যোৱা হৈছে।
মন কৰিবলগীয়া যে, নিশা হোৱাৰ মাত্ৰকেই মালিগাঁৱৰ এই পথত চলে একাধিক উদণ্ড চালকৰ দৌৰাত্ম্য। কিন্তু এই পৰ্যন্ত এইসকল উদণ্ড চালকক নাকী লগাবলৈ সক্ষম নহ’ল সংশ্লিষ্ট বিভাগ। যাৰ বাবে নিতৌ একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে মালিগাঁওবাসী ৰাইজ।
- First Published :