বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে অসমৰ এখন গাঁৱত অনুষ্ঠিত হ'ল এখন বিশেষ বিবাহ। বৈদিক পৰম্পৰা অনুসৰি অনুষ্ঠিত বিবাহৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহুতৰে ৷ বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে অসমৰ এখন গাঁৱত অনুষ্ঠিত হ'ল এখন বিশেষ বিবাহ। বৈদিক পৰম্পৰা অনুসৰি অনুষ্ঠিত বিবাহৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহুতৰে ৷ ক্ৰমাগতভাৱে সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱা বন ধ্বংসই জীৱকূললৈ কঢ়িয়াইছে বিপদ ৷ বন ৰক্ষা আৰু প্ৰকৃতি সুৰক্ষাৰ অৰ্থে ৫ জুনত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'ব পৰিবেশ দিৱস (World Environment Day) ৷ পিছে বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে অসমৰ এখন গাঁৱত অনুষ্ঠিত হৈছে এখন বিশেষ বিবাহ। এই বিবাহ অসমৰ বন ৰক্ষা আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সহৃদয়তা আৰু আত্মিক সম্পৰ্কৰ এক জীয়া কাহিনী। এই বিয়া দুডোপা গছৰ বিয়া (Tree Wedding)।
বিবাহ উপলক্ষে দৰা-কইনাৰ দৰেই আয়তীসকলে দুজোপা গছত সানিছে মাহ-হালধি ৷ দৰা-কইনাৰ দৰেই আয়তীসকলে নোৱাইছে-ঢুৱাইছে গছ দুজোপাক ৷ আয়তীৰ জাক জাক বিয়া নাম আৰু উৰুলিৰ লগতে সমগ্ৰ গাঁওবাসীৰ আজি এইখন বিবাহক লৈ ভীষণ ব্যস্ততা ৷ এয়া বৰপেটা (Barpeta) জিলাৰ কেওটকুছি গাঁৱৰ ঘটনা।
প্ৰকৃতিৰ সৈতে থকা আত্মিক সম্পৰ্কৰ সূত্ৰেই আজি গাঁওখনত থকা এজোপা আহত আৰু আন এজোপা বটগছৰ মাজত শুভ পৰিণয়ৰ দিন স্থিৰ কৰি আজি বিবাহৰ লগতে আয়োজন কৰে অভ্যৰ্থনাৰো ৷ অসমীয়া পৰম্পৰা অনুসৰি দৈ-চিৰাৰে অভ্যাগতসকলক আপ্যায়ন কৰিছে দৰা পক্ষ আৰু কইনা পক্ষই ৷
আহত গছজোপাক কইনা হিচাপে সজাই পৰাই দৰা বটবৃক্ষৰ সৈতে বিবাহক লৈ বিগত ২৯ মেৰ পৰাই অসম্ভৱ ব্যস্ততা কেওটকুছিবাসীৰ ৷ বিবাহৰ চিঠি চপাই নিমন্ত্ৰণ জনোৱাৰ পৰা, সুৱাগৰ ধানবন্ধা, দৰা-কইনাৰ চিৰা খুন্দা, আখৈ তোলালৈকে গাঁৱৰ মুনিহ-তিৰোতা সকলো ব্যস্ত বিয়াখনক লৈ ৷ অৱশেষত আজি হোম-যজ্ঞ পাতি অগ্নিক সাক্ষী কৰি সম্পূৰ্ণ বৈদিক নিয়মেৰে বৰপেটাৰ কেওটকুছি গাঁৱত সম্পন্ন হৈ যায় আহত আৰু বট গছ দুজোপাৰ শুভ পৰিণয় ৷
৫ জুন (5th June)ৰ বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে এয়া সমগ্ৰ বিশ্ববাসীলৈ হ'ব পাৰে পৰিবেশ দিৱসৰ এক মহান আৰু অগতানুগতিক বাৰ্তা ৷
Published by: Manjumoni Borah
First published: June 02, 2022, 17:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|