• Home
  • »
  • News
  • »
  • assam
  • »
  • অ'মিক্ৰণৰ আতংকৰ মাজতে কাজিৰঙালৈ অহা আমেৰিকাৰ পৰ্যটকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি, তৎপৰ স্বাস্থ্য বিভাগ

অ'মিক্ৰণৰ আতংকৰ মাজতে কাজিৰঙালৈ অহা আমেৰিকাৰ পৰ্যটকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি, তৎপৰ স্বাস্থ্য বিভাগ

 ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বাঢ়িছে অ'মিক্ৰণৰ সংক্ৰমণ। দেশত ইতিমধ্যে ৪ শতাধিক লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি।

ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বাঢ়িছে অ'মিক্ৰণৰ সংক্ৰমণ। দেশত ইতিমধ্যে ৪ শতাধিক লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি।

ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বাঢ়িছে অ'মিক্ৰণৰ সংক্ৰমণ। দেশত ইতিমধ্যে ৪ শতাধিক লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি।

  • Share this:
কোৰোণা পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ সময়ে পুনৰ এবাৰ সমগ্ৰ বিশ্বৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে নতুন ভেৰিয়েণ্ট অ'মিক্ৰণ। আমেৰিকা, ব্ৰিটেইনত এতিয়া ক্ৰামান্বৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অ'মিক্ৰণে। ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বাঢ়িছে অ'মিক্ৰণৰ সংক্ৰমণ। দেশত ইতিমধ্যে ৪ শতাধিক লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি। এনে সময়তে কাজিৰঙালৈ অহা আমেৰিকাৰ এগৰাকী পৰ্যটকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাত চিন্তিত হৈ পৰিছে সকলো।

আমেৰিকাৰ পৰা কাজিৰঙালৈ অহা বিদেশী পৰ্যটকজনৰ নাম  KRISHNAVENI DAHAGUM। বয়স ৫০ বছৰ। গুৱাহাটীৰ ৰেডিচন ব্লুুত থকা অৱস্থাতেই লোকজনৰ দেহত ধৰা পৰিছিল ক'ভিড পজিটিভ ৷ কোৰোণাত আক্ৰান্ত হোৱা লোকজনে  কাজিৰঙাৰ আয়ৰা ৰিজৰ্টত বাহৰ পাতি দেওবাৰে পুৱা হাতী চাফাৰী,জীপ চাফাৰীও কৰিছিল ৷

আমেৰিকাৰ পৰ্যটকজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ স্বাস্থ্য বিভাগে পৰ্যটকজনক গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি