உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমৰ কিমান মাটি দখল কৰিছে চুবুৰীয়া ৰাজ্যই, বিধানসভাত ওলাল উদ্বেগজনক তথ্য

    অসমৰ কিমান মাটি দখল কৰিছে চুবুৰীয়া ৰাজ্যই, বিধানসভাত ওলাল উদ্বেগজনক তথ্য

    অৰুণাচল, নাগালেণ্ড, মেঘালয়, মণিপুৰে দখল কৰিছে বহু ভূমি– বিজেপিৰ দিনত ৭১টা ভূমি দখলৰ ঘটনা

    অৰুণাচল, নাগালেণ্ড, মেঘালয়, মণিপুৰে দখল কৰিছে বহু ভূমি– বিজেপিৰ দিনত ৭১টা ভূমি দখলৰ ঘটনা

    অৰুণাচল, নাগালেণ্ড, মেঘালয়, মণিপুৰে দখল কৰিছে বহু ভূমি– বিজেপিৰ দিনত ৭১টা ভূমি দখলৰ ঘটনা

    • Share this:

    অসমৰ ভূমিত নগা, মিজো, অৰুণাচলী আদিৰ বেদখল নতুন কথা নহয় ৷ সময়ে সময়ে অশান্ত হৈ থাকে সীমান্ত অঞ্চলসমূহ ৷ কেতিয়াবা যদি মেঘালয়ৰ লোকে আহি অসমৰ ভূমিত ঘৰ বান্ধে, আন কেতিয়াবা মিজোসকলৰ অত্যাচাৰ সহিবলগীয়া হয় অসমৰ সীমান্ত অঞ্চলবাসীয়ে ৷ বিধানসভাত অসমৰ ভূমি বেদখলৰ প্ৰসংগই লাভ কৰিলে স্থান ৷ বকোৰ বিধায়িকা নন্দিতা দাসে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন সম্বন্ধে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত ওলাইছে ভয়ংকৰ তথ্য ৷ তলত দাঙি ধৰা হ'ল নন্দিতা দাসে উত্থাপন কৰা প্ৰশ্ন আৰু সীমান্ত সুৰক্ষা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই দিয়া উত্তৰ—


    নন্দিতা দাসৰ প্ৰশ্ন– অসমৰ কোন কোন চুবুৰীয়া ৰাজ্যই অসমৰ কিমান ভূমি বেদখল কৰিছে?


    অতুল বৰাৰ উত্তৰ–


    অৰুণাচল প্ৰদেশে শোণিতপুৰত ১.০৮৪৯ হেক্টৰ, বিশ্বনাথত ৪৭৫১.০০হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১হেক্টৰ, ধেমাজিত ১০৫৫.৭৪৭৯ হেক্টৰ, ডিব্ৰুগড়ত ১০.০০হেক্টৰ, চৰাইদেউত ৬০২.০১১৭হেক্টৰ ৷


    নাগালেণ্ডে যোৰহাটত ১৮৮০৭.৭২ হেক্টৰ, শিৱসাগৰত ২৩.৯০৩৯ হেক্টৰ, গোলাঘাটত ৩৬২৯৪.০৭, চৰাইদেউত ২৭০.৪৩৫৭হেক্টৰ ৷


    মেঘালয়ে গোৱালপাৰাত ৩৩.৮১৫৬হেক্টৰ, কাছাৰত ৬০২.০১১৭হেক্টৰ,কামৰূপত ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাছৰত ৩.৩৫০৫হেক্টৰ, পশ্চিম কাৰ্বি আংলঙত ২হাজাৰ স্কোৱেৰ মিটাৰ ৷


    মিজোৰামে হাইলাকান্দিত ১ হাজাৰ হেক্টৰ, কৰিমগঞ্জত ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰত ৪শ হেক্টৰ ভূমি বেদখল কৰি আছে ৷


    অসমৰ সৰ্বমুঠ ৬৯০১০.৮২৪২হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে৷


    নন্দিতা দাসৰ প্ৰশ্ন– বিগত ৫বছৰত অসমৰ চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দখলৰ কিমানটা ঘটনা ঘটিছে?


    অতুল বৰাৰ উত্তৰ– ৭১টা ঘটনা ৷


    নন্দিতা দাসৰ প্ৰশ্ন– চুবুৰীয়া ৰাজ্যই বেদখল কৰা ভূমি মোকলোৱাৰ বাবে কি ব্যৱস্থা লোৱা হৈছে?


    অতুল বৰাৰ উত্তৰ– নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে বেদখল কৰা অসমৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত ক্ৰমে গোচৰ নম্বৰ O.S No. 2/1988 আৰু O.S No. 1/1989ত ৰুজু কৰিছে ৷ দুয়োটা গোচৰ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে ৷ মেঘালয়, মিজোৰামৰ বেদখলক লৈও বিভিন্ন স্তৰত চলি আছে আলোচনা ৷ ইফালে লাম্পিত মেঘালয়ৰ আগ্ৰাসনক লৈও কঠোৰ ব্যৱস্থা ল'ব বুলি অতুল বৰাই বিধানসভাত সদৰী কৰিছে ৷

    Published by:Gautam Barman
    First published: