নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আজি ৪০৫গৰাকী সখীক স্কুটী প্ৰদান কৰা হয়। অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত ৪০৫গৰাকী সখীৰ মাজত স্কুটী বিতৰণ কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী সিংঘালে সখীসকলক হেলমেট পৰিধান কৰিহে স্কুটী চলাবলৈ অনুৰোধ জনায়। আনহাতে বিধায়ক ৰূপক শৰ্মাই স্কুটীপ্ৰাপ্ত সখীসকলক স্কুটীখনৰ সদ্ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।
আনহাতে স্কুটী ল'বলৈ কোলাত ১৪ দিনীয়া সন্তান লৈ আহিল ৰহাৰ ৰুণুমণি ডেকা বৰা নামৰ এগৰাকী মহিলা। ৰহাৰ গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মৰত সখীগৰাকীয়ে স্বামী আৰু মাতৃৰ সৈতে কোলাত ১৪ দিনীয়া সন্তান লৈ স্কুটী ল'বলৈ আহি ৰুণুমণি ডেকা বৰাই সংবাদ মাধ্যমক জনায়– চৰকাৰে সখীসকলক স্কুটী প্ৰদান কৰা কাৰ্যই তেওঁলোকক যথেষ্ট উপকৃত কৰিব।
Published by: Gautam Barman
FIRST PUBLISHED : August 31, 2022, 18:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।