உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Python Eating Goats in Mariani: প্ৰকাণ্ড অজগৰে মৰিয়নিত কৰিলে ছাগলী ভক্ষণ, ৰাইজে উঠিলে ছেলফি, তাৰ পিছত কি হ'ল অজগৰৰ অৱস্থা?

    Python Eating Goats in Mariani: প্ৰকাণ্ড অজগৰে মৰিয়নিত কৰিলে ছাগলী ভক্ষণ, ৰাইজে উঠিলে ছেলফি, তাৰ পিছত কি হ'ল অজগৰৰ অৱস্থা?

    ব্যক্তিজনৰ গৃহৰ চোতালত অজগৰ চাবলৈ অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

    ব্যক্তিজনৰ গৃহৰ চোতালত অজগৰ চাবলৈ অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

    ব্যক্তিজনৰ গৃহৰ চোতালত অজগৰ চাবলৈ অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

    • Share this:
    মৰিয়নিত প্ৰকাণ্ড অজগৰে ছাগলী ভক্ষণ কৰা শিহৰণকাৰী এটা দৃশ্য বন্দী হয় কেমেৰাত।দৃশ্যত দেখা গৈছে এডাল প্ৰকাণ্ড অজগৰৰ মুখগহ্বলৈ ক্ৰমাত সোমাব ধৰিছে এটা কলা বৰণৰ ছাগলী। দৃশ্যটো মৰিয়নিৰ নতুন বনগাঁওৰ। গাঁওখনৰ এজন ব্যক্তিয়ে বাৰীত গৰু এৰাল দিবলৈ গৈ প্ৰত্যক্ষ কৰে এডাল প্ৰকাণ্ড অজগৰে আধা গিলা অৱস্থাত এটা ছাগলী।

    ব্যক্তিজনে এই দৃশ্য দেখি চিঞৰ–বাখৰ কৰাত বহু লোকৰ সমাগম হয় আৰু অজগৰডালে ছাগলী ভক্ষণ কৰি থকা দৃশ্য কোনো লোকে ম'বাইল কেমেৰাত আবদ্ধ কৰি ৰাখে। আনহাতে উপস্থিত ৰাইজে অজগৰটোৰ মুখৰ পৰা ছাগলীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে ছাগলীটোৰ প্ৰাণ বায়ু উৰি গৈছিল (Python Eating Goats in Mariani)।

    স্থানীয় ৰাইজে অজগৰডাল উদ্ধাৰ কৰাৰ লগতে ১২ ফুট দৈৰ্ঘ্যৰ প্ৰায় ৪০ কেজি ওজনৰ অজগৰডালক এডাল ৰছীৰে বান্ধি এৰাল দি থয়। প্ৰকাণ্ড অজগৰক লৈ বহু লোকে ম'বাইলত ছেলফিও উঠে।

    প্ৰকাণ্ড অজগৰ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাত ব্যক্তিজনৰ গৃহৰ চোতালত অজগৰ চাবলৈ অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি গিবন অভয়াৰণ্যত মুকলি কৰি দিয়ে।
    Published by:Gautam Barman
    First published: