এখন ছেলফিয়েই কাল হ'ল এটা চোৰৰ বাবে। প্ৰথমে ছেলফি আৰু তাৰ পিছত চুৰি। যোৰহাটত সংঘটিত হৈছে এই আমোদজনক ঘটনা। ছেলফি চাই এতিয়া চোৰৰ সন্ধানত নামি পৰিছে ভুক্তভোগী ব্যৱসায়ী।
যোৰহাটত এতিয়া চৰ্চা চলিছে এই এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফিক লৈ। ঘটনা অনুসৰি, বুধবাৰে যোৰহাটৰ জেবি ৰোডৰ জে কে বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হয়হি এজন গ্ৰাহক। গ্ৰাহকজনে ক্ৰয় কৰে এটা বেগ। কিন্তু ইয়াৰ পিছত গ্ৰাহকজন পুনৰ আহে দোকানখনলৈ।
পুৱাৰ প্ৰথম গ্ৰাহকগৰাকীক ভগৱান জ্ঞান কৰি দোকানৰ গৰাকীজনে গ্ৰাহকজনক চাহ মিঠাইৰে আপ্যায়নো কৰে। কিন্তু গ্ৰাহকৰ বেশত অহা লোকজনে ব্যৱসায়ীজনৰ মোবাইলৰ পৰা ফোনকল এটা কৰোঁ বুলি মোবাইলটো বিচাৰে। আৰু ইয়াৰ পিছতে ফোন কৰাৰ ছলেৰে মোবাইলটো লৈ উধাও হয় লোকজন।
কিন্তু ইয়াৰ পিছতে কাহিনীলৈ আহে ক্লাইমেক্স। কাৰণ চোৰৰ দিন বেয়া আছিল। চুৰিকাণ্ডৰ বলি হোৱা ব্যৱসায়ীজনৰ আছিল এটা বিশেষ চখ। তেওঁৰ দোকানলৈ অহা প্ৰায়বোৰ গ্ৰাহকৰে অনুমতি সাপেক্ষে ছেলফি মাৰি ফেচবুকত আপলোড কৰিছিল। আৰু বুধবাৰে পুৱা প্ৰথমবাৰ গ্ৰাহকৰ ৰূপত অহা চোৰটোৰো ছেলফি মাৰি ফেচবুকত আপলোড দিছিল ব্যৱসায়ীজনে।
"মই মোৰ দোকানলৈ অহা বহু গ্ৰাহকৰে অনুমতি সাপেক্ষে ছেলফি মাৰি ফেচবুকত দিওঁ। ই দোকানখনৰ পাব্লিচিটিত সহায় কৰে। মোৰ মোবাইলটো চুৰ কৰি নিয়া গ্ৰাহকজনৰো মই ছেলফি লৈ ফেচবুকত দিছিলোঁ । এই ফটোখনৰ দ্বাৰাই এতিয়া যুৱকজনৰ সন্ধান উলিয়াব পৰা যাব।" -ভুক্তভোগী ব্যৱসায়ীজনে এনেদৰে কয় ।
মোবাইলটো চুৰ কৰি চোৰে নিজৰ ছেলফিখন ডিলিট কৰি স্বস্তিৰ নিশ্বাস পেলালেও তাৰ বহু পূৰ্বেই ছ'চিয়েল মিডিয়াত আপলোড হৈছিল এই ছেলফিখন। বৰ্তমান চোৰৰ সৈতে মৰা ছেলফিখন ভাইৰেল কৰি চোৰটোক কৰায়ত্ত কৰাত সহায় কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে ব্যৱসায়ীজনে । এই সন্দৰ্ভত ইতিমধ্যে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ব্যৱসায়ীজনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|