নুমলীগড়ৰ কাষৰীয়া ৰঙাগড়া চাহ বাগিচাত অঘটন। কৰ্মৰত অৱস্থাত মেচিনত ভৰি সোমাল এজন কিশোৰৰ। কিশোৰগৰাকীৰ নাম দীপক ভূঞা। যোৱা ২৫ আগষ্টৰ নিশা দহ বজাত সংঘটিত হৈছিল ঘটনাটো। ঘটনা সংঘটিত হোৱাৰ লগে লগে শ্ৰমিকজনক ৰঙাগড়া বাগিছা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ। স্বাস্থ্যৰ অৱনতি ঘটাত জৰুৰীভাৱে প্ৰেৰণ কৰা হ'ল গুৱাহাটীলৈ। বৰ্তমান গুৱাহাটীৰ এপ'ল' হস্পিতালত চিকিৎসাধীন শ্ৰমিকজন।
বৰ্তমান সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলাৰ সমিতিয়ে কিশোৰ শ্ৰমিক গৰাকীৰ সকলো ধৰণৰ সহায়ক হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বাগিছা কৰ্তৃপক্ষক। স্মাৰকপত্ৰ প্ৰদান কৰি দীপক ভূঞাক ১৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান আৰু আজীৱন বেতন প্ৰদান আদি কেইবাটাও দাবী উত্থাপন কৰিছে।
এগৰাকী ১৫ বছৰীয়া কিশোৰে ৰাতি কাম কৰি থকা অৱস্থাত চলন্ত মেচিনত ভৰি সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে, বাগিছা কৰ্তৃপক্ষই লৈছে এক ৰহস্যজনক স্থিতি। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰাৰ পৰা বিৰত আছে বাগিছা কৰ্তৃপক্ষ। বৰ্তমান গুৱাহাটী এপ'ল' হস্পিতালত চিকিৎসাধীন হৈ আছে কিশোৰগৰাকী। ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।
Published by: Subham Goswami
FIRST PUBLISHED : September 02, 2022, 18:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।