• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত সাধুবাবাক অপদস্থ কৰা ঘটনাই চুলেগৈ উত্তৰ প্ৰদেশ, দিছপুৰৰ ৰজাঘৰৰ ভেটি

যোৰহাটত সাধুবাবাক অপদস্থ কৰা ঘটনাই চুলেগৈ উত্তৰ প্ৰদেশ, দিছপুৰৰ ৰজাঘৰৰ ভেটি

যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত বৃহস্পতিবাৰে দুপৰীয়া উত্তৰ প্ৰদেশৰ পৰা অহা কেইগৰাকীমান নগ্নপ্ৰায় সাধুবাবাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত বৃহস্পতিবাৰে দুপৰীয়া উত্তৰ প্ৰদেশৰ পৰা অহা কেইগৰাকীমান নগ্নপ্ৰায় সাধুবাবাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত বৃহস্পতিবাৰে দুপৰীয়া উত্তৰ প্ৰদেশৰ পৰা অহা কেইগৰাকীমান নগ্নপ্ৰায় সাধুবাবাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

  • Share this:
যোৰহাটৰ বৰুৱা চাৰিআলিত উত্তৰ প্ৰদেশৰ পৰা অহা এটি সাধুবাবাৰ দলক বৃহস্পতিবাৰে একাংশ লোকে তেওঁলোকৰ বেশভুষাৰ বাবে অপদস্থ কৰিছিল। এই বাতৰি প্ৰকাশ পাইছিল News18ত। এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ লগতে অসমৰো বিভিন্ন মহলত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সাধুবাবাৰ দলটোক পিছত যোৰহাটৰ কেইবাটাও সংগঠন তথা অনুষ্ঠানৰ কৰ্মকৰ্তাসকলে ক্ষমা বিচৰাৰ লগতে যোৰহাট আৰক্ষীয়ে উপযুক্ত নিৰাপত্তাসহ পৰশুৰাম কুণ্ডলৈ যোৱাৰ ব্যৱস্থা কৰে। আনহাতে, আৰক্ষীয়ে সাধুবাবাৰ দলটোক ৰাজপথৰ অপদস্থ কৰা ঘটনা সন্দৰ্ভত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত বৃহস্পতিবাৰে দুপৰীয়া উত্তৰ প্ৰদেশৰ পৰা অহা কেইগৰাকীমান নগ্নপ্ৰায় সাধুবাবাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰশুৰাম কুণ্ডলৈ দুখন গাড়ীত অহা সাধুবাবাৰ দলটোৰ বেশভূষা আছিল কিছু পৃথক। আৰু তেওঁলোকে পথৰ নিৰ্দেশনা শুধিবলৈ গাড়ী ৰখাওঁতেই পথৰ কাষত থকা একাংশ লোকে উত্তেজিত হৈ সাধুবাবাৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল।

একাংশ লোকে সাধুবাবাৰ দলটোৰ বেশভুষাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আন একাংশ লোকে এই দলটো সোপাধৰা বুলি সন্দেহ ব্যক্ত কৰাত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছিল। অৱশ্যে ঘটনাস্থলীত উপস্থিত হোৱা একাংশ সংবাদকৰ্মীৰ তৎপৰতাত তাৎক্ষণিকভাৱে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ সাধুবাবাৰ দলটোক থানালৈ লৈ যোৱাত পৰিস্থিতি শাম কাটে আৰু এক অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিছিল সাধুবাবাৰ দলটো ।

কিন্তু ইয়াৰ পিছতে চৰম অপমানিত হোৱা সাধুবাবাৰ দলটোৱে যাত্ৰা বাতিল কৰি পুনৰ উত্তৰ প্ৰদেশলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লয়। সাধুবাবাৰ এই দলটোত আছিল উত্তৰ প্ৰদেশৰ বৰেলিৰ হনুমান গিৰি আশ্ৰমৰ বাচ্ছাগিৰি নাগাবাবা ওৰফে সুমন গোস্বামী আৰু তেওঁৰ সতীৰ্থসকল। যোৰহাটত সৃষ্টি হোৱা এই অনাহুত পৰিস্থিতিৰ বিষয়ে মুহূৰ্ততে খবৰ যায় উত্তৰ প্ৰদেশলৈ। এই অনাকাংক্ষিত পৰিস্থিতিৰ বিষয়ে অৱগত হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ পৰা খবৰ আহে দিছপুৰলৈ। সংবাদ মাধ্যমতো বাতৰিটো প্ৰকাশ পোৱাৰ পিছত দিছপুৰৰ লগতে অসমৰ বিভিন্ন মহলত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৎক্ষণিকভাৱে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাধুবাবাৰ দলটোক অপদস্থ কৰা জালালুদ্দিন নামৰ যুৱকজনক। ইয়াৰ পিছতে যোৰহাটৰ একাংশ হিন্দুত্ববাদী সংগঠন, মাৰোৱাৰী সমাজ, ব্ৰাহ্মণ সমাজৰ লোকে সাধুবাবাৰ দলটোৰ ওচৰত ক্ষমা বিচাৰি বোকাখাটৰ পৰা দলটোক ওভতাই আনে।

যোৰহাট নগৰৰ মাৰোৱাৰী ঠাকুৰবাৰীত সাধুবাবাৰ দলটোক বৰুৱা চাৰিআলিত ভুল বুজাবুজিৰ বাবে সন্মুখীন হ'ব লগা হোৱা অনাহুত পৰিস্থিতিৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে সাধুবাবাৰ দলটোক মাৰোৱাৰী ঠাকুৰবাৰীৰ অতিথিশালাত এনিশা বিশ্ৰাম লৈ উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰে পৰশুৰাম কুণ্ডলৈ যোৱাৰ ব্যৱস্থা হাতত লোৱা হয়। এই বিশেষ অনুষ্ঠানত যোৰহাটৰ আৰক্ষী অধীক্ষক, বিজেপিৰ জিলা সভাপতিকে ধৰি বহুকেইটা হিন্দুত্ববাদী সংগঠনৰ বিষয়ববীয়া তথা যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰী প্ৰবন্ধন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যোৰহাট আৰক্ষীৰ তৰফৰ পৰা সোপাধৰা বা তেনেধৰণৰ কোনো উৰাবাতৰিত বিশ্বাস নকৰি তাৎক্ষণিকভাৱে এনে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনোৱা হয়‌।

যোৰহাটবাসীৰ এই মৰম, শ্ৰদ্ধা দেখি অতিকৈ সন্তুষ্টি ব্যক্ত কৰিছে সাধুবাবাৰ দলটোৱে। বৰুৱা চাৰিআলিত সন্মুখীন হোৱা সেই তিক্ত অভিজ্ঞতাৰ কথা পাহৰি যোৰহাটবাসীৰ মৰম আৰু শ্ৰদ্ধাৰ এই মিঠা স্মৃতি লগত লৈ যাব বুলি মত ব্যক্ত কৰে সাধুবাবাৰ দলটোৱে।

"পথত একাংশ লোকে আমাৰ গাড়ী ৰখাই আমাক শিশু অপহৰণকাৰী বুলি সন্দেহ কৰি প্ৰশ্ন শুধিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে আমাৰ চৌপাশে বহু লোক গোট খায়। কিন্তু আৰক্ষীৰ এটা দল আহি আমাক উদ্ধাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাৰ পিছত মন ভাল নলগাত আমি যাত্ৰা সমাপ্ত কৰি উত্তৰ প্ৰদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিলো। কিন্তু যোৰহাটবাসীৰ মৰম আৰু শ্ৰদ্ধাৰ বাবেই আমাৰ মাত্ৰা অব্যাহত ৰাখিলোঁ।", সাধুবাবাৰ দলটোৰ বাচ্ছাগিৰি নাগাবাবাই এনেদৰে কয়।

একাংশ সংবাদকৰ্মীৰ তৎপৰতা আৰু আৰক্ষীৰ তাৎক্ষণিক পদক্ষেপৰ বাবেই আন এক গ্লানিৰ পৰা ৰক্ষা পৰে যোৰহাট। সেইদিনা সাধুবাবাৰ দলটোক মাৰপিট কৰাৰ ঘটনা সংঘটিত হোৱা হ'লে এই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাটো নিশ্চিত আছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি