‘আমাক জনতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে, কিবা এটা কৰক’ – মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ক’লে বিধায়কৰ দলে

News18 Assam | News18-Assam
Updated:December 19, 2019, 3:42 PM IST
‘আমাক জনতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে, কিবা এটা কৰক’ – মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ক’লে বিধায়কৰ দলে
আনহাতে, বিধায়ক সুৰেন ফুকেন কয় যে বিধায়কৰ ঘৰ আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছ আৰু মৌলবাদী শক্তিয়ে৷

আনহাতে, বিধায়ক সুৰেন ফুকেন কয় যে বিধায়কৰ ঘৰ আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছ আৰু মৌলবাদী শক্তিয়ে৷

  • Share this:
আজি বিধায়কৰ এটা দলে অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ আলোচনাৰ বাবে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। বিধায়কৰ দলটোৱে মুখ্যমন্ত্ৰী সোণোৱালক সন্মুখলৈ আহি এই সন্দৰ্ভত কথা ক’বলৈ আহ্বান জনায়। অসমৰ জনসাধাৰণক বিশ্বাসত ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় বিধায়কসকলে।

মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বিধায়ক পদ্ম হাজৰিকাই কয় – ‘মই জানি–শুনি ভাৰতীয় জনতা পাৰ্টীৰ লগত অংশগ্ৰহণ কৰিছো। তাৰ পিছত ৬নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে, ভাষাটোক সুৰক্ষিত কৰিবৰ কাৰণে, নিবনুৱাসকলক সংস্থাপিত কৰিবৰ কাৰণে আৰু সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰিবৰ কাৰণে শক্তিশালী পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। সন্মুখলৈ আহি কথা ক’বলৈ আহ্বান জনাইছো।’

‘আপুনি জাতিটোক কেনেকৈ সুৰক্ষিত কৰিব পাৰিব, সেই কথা জনসাধাৰণক আশ্বস্ত কৰাওক। আমি বিধায়কসকল আপোনালোকৰ লগত আছো।’ – মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ।

‘আমি আজি সকলো বিধায়কে সমষ্টিলৈ যাবলৈ ওলাইছো। আমাক মাৰিলে যদি জাতিটো উদ্ধাৰ হয় মাৰক। আমি আমাৰ কথাবিলাক মুকলিকৈ ক’বলৈ ওলাইছো।’ – মন্তব্য পদ্ম হাজৰিকাৰ।

পদ্ম হাজৰিকাই কয় – ‘আমি আমি কিছুমান কথা মুখ্যমন্ত্ৰীক কৈছো। যিবোৰ কথা জনসাধাৰণৰ বিপৰীতে আছে, সেইবোৰ কথা আমি কৈছো আৰু শীঘ্ৰে ব্যৱস্থা ল’বলৈ আমি আহ্বান জনাইছো।’

আছুৰ নেতৃত্বত যি অহিংস আন্দোলন কৰিছে তাৰ প্ৰতি আমাৰ কাৰো বেয়া ভাৱ নাই। সেই আন্দোলনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে। আছুৱে জনোৱা দাবী আৰু গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। কিছুসংখ্যক নেতা–মন্ত্ৰীৰ বাবে পৰিৱেশবোৰ বেয়া হৈছে বুলিও মন্তব্য কৰে পদ্ম হাজৰিকাই। বিধায়কসকলৰ জাতীয়তাবোধক লৈ সন্দেহ নকৰিবলৈ ৰাইজক আহ্বান জনাই বিধায়কগৰাকীয়ে।

‘আমি বিধায়ক হিচাপে কি কৰিম? আমিতো জাতিদ্ৰোহী কাম কৰা নাই৷ এতিয়া আমাৰ বিধায়কসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ আমি ৰাইজৰ কাষত আছো৷ ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষাক সুৰক্ষা দিবলৈ মুখ্যমন্ত্ৰীক ক’ম। আমি প্ৰয়োজনত দিল্লী লৈ যাম, গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম৷ বিধায়কসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল৷ ইয়াত মৌলবাদী শক্তি জড়িত আছে৷ এইসকলো শক্তিক ওফৰাই পেলাব লাগিব৷ আমি ভীৰু নহয়, কাপুৰুষ নহয়। মন্তব্য পদ্ম হাজৰিকাৰ।

আনহাতে, বিধায়ক সুৰেন ফুকেন কয় যে বিধায়কৰ ঘৰ আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছ আৰু মৌলবাদী শক্তিয়ে৷ আমি জাতিবিৰোধী কাম নকৰো৷ মুখ্যমন্ত্ৰীয়ে কেতিয়াও জাতি, মাটি, ভেটিৰ বিৰোধী কাম নকৰে৷ যদি কৰে, মই বিধায়ক পদৰ পৰা পদত্যাগ কৰিম আৰু দলৰ সাধাৰণ সদস্য পদো ত্যাগ কৰিম।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 19, 2019, 3:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading