CAAৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ মোদী আৰু অমিত শ্বাহৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী সোণোৱাল

News18 Assam | News18-Assam
Updated:December 15, 2019, 7:54 AM IST
CAAৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ মোদী আৰু অমিত শ্বাহৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী সোণোৱাল
চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আজিৰ বৈঠকত জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে আহ্বান জনোৱা হৈছে

চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আজিৰ বৈঠকত জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে আহ্বান জনোৱা হৈছে

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এটা দলে নাগৰিকত্ব সংশোধনী আইনক লৈ অসমত চলি থকা প্ৰতিবাদ সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শীঘ্ৰে বৈঠকত মিলিত হ’ব।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শনিবাৰে কয় যে বিজেপিৰ সাংসদ আৰু বিধায়কসকলৰ এক বৈঠকত সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শীঘ্ৰে সোণোৱাল নেতৃত্বাধীন দলটোৱে মোদী আৰু শ্বাহক সাক্ষাৎ কৰিব।

চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আজিৰ বৈঠকত জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে আহ্বান জনোৱা হৈছে। আনহাতে, এই বৈঠকৰ কথা টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে এই বৈঠকৰ কথা উল্লেখ কৰি কয় যে আজিৰ বৈঠকত মন্ত্ৰীমণ্ডলৰ সতীৰ্থ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ, বিধায়ক, ৰাজ্যিক সভাপতি ৰণজিত দাসৰ সৈতে অসমৰ বৰ্তমান পৰিস্থিতিক লৈ আলোচনা কৰা হয়।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি