মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat News: যোৰহাটত অত্যাধিক শ্ৰমিক কঢ়িয়াই নিয়া টাটা এচি গাড়ী দুৰ্ঘটনাগ্ৰস্ত; প্ৰায় ১৭ জন শ্ৰমিক আহত

Jorhat News: যোৰহাটত অত্যাধিক শ্ৰমিক কঢ়িয়াই নিয়া টাটা এচি গাড়ী দুৰ্ঘটনাগ্ৰস্ত; প্ৰায় ১৭ জন শ্ৰমিক আহত

অত্যাধিক লোকক কঢ়িয়াই নিয়া বাহনখনে দ্ৰুতবেগত চলোৱা বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে গাড়ীখনত যোৱা এগৰাকী শ্ৰমিকে।

অত্যাধিক লোকক কঢ়িয়াই নিয়া বাহনখনে দ্ৰুতবেগত চলোৱা বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে গাড়ীখনত যোৱা এগৰাকী শ্ৰমিকে।

অত্যাধিক লোকক কঢ়িয়াই নিয়া বাহনখনে দ্ৰুতবেগত চলোৱা বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে গাড়ীখনত যোৱা এগৰাকী শ্ৰমিকে।

  • Share this:
একাংশ চাহ বাগিচাত চাহ শ্ৰমিকসকলক অতি বিপজ্জনক ভাবে একোখন সৰু গাড়ীত ঠেলাহেচাকৈ লৈ যোৱা হয়। পূৰ্বে এনেদৰে শ্ৰমিক কঢ়িয়াই নিয়া গাড়ী কেইবাবাৰো দুৰ্ঘটনাত পতিত হৈছে। যোৰহাটৰ মেলেঙ চাহ বাগিচাত শনিবাৰে চাহ শ্ৰমিক কঢ়িয়াই নিয়া এনে এখন গাড়ী দুৰ্ঘটনাত পতিত হয়।

এখন সৰু টাটা এচি গাড়ীত কঢ়িয়াই নিয়া হৈছিল শ্ৰমিকসকলক। অত্যাধিক লোকক কঢ়িয়াই নিয়া গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। গাড়ীখনত যোৱা প্ৰায় ১৭ জন লোক দুৰ্ঘটনাটোত আহত হৈছে। ইয়াৰে কেইবাগৰাকী লোকৰ আঘাত গুৰুতৰ। আহতসকলক ততালিকে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত প্ৰায় ২৬ জন শ্ৰমিকক কঢ়িয়াই নিয়া হৈছিল। অত্যাধিক লোকক কঢ়িয়াই নিয়া গাড়ীখনে দ্ৰুতবেগত এটা কেকুৰি ঘুৰোতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে গাড়ীখনত যোৱা এগৰাকী শ্ৰমিকে।

এই দুৰ্ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছাই। একোখন সৰু খোলা গাড়ীত পাণ জপাদি জাপি চাহ শ্ৰমিকসকলক কামলৈ লৈ যোৱা কাৰ্যৰ আটছাই বিৰোধিতা কৰি আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে আটছাই। ইয়াৰ পূৰ্বেও এনেদৰে চাহ শ্ৰমিক কঢ়িয়াই নিয়া গাড়ী দুৰ্ঘটনাত পতিত হৈছিল। এই সন্দৰ্ভত শ্ৰম বিভাগকো অৱগত কৰা হৈছিল যদিও কোনেও বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। আনহাতে, আটছাই জানিবলৈ দিয়া মতে দুৰ্ঘটনাত পতিত গাড়ীখনত ১২–১৩ বছৰীয়া কিশোৰীও আছিল। চাহ শ্ৰমিকসকলৰ সৈতে কৰি অহা এনে ব্যৱহাৰৰ বিৰুদ্ধে আটছাই উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

শেহতীয়া বাতৰি