লখিমপুৰৰ ডিম্পী চেতিয়াৰ কথা মনত আছেনে? আছেনে মনত ডিম্পীয়ে পঢ়া জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়খনৰ কথা? অৱশ্যে নাথাকিবও পাৰে আপোনাৰ মনত। কাৰণ, কেতিয়াবা ভিৰৰ মাজত হেৰাই যায় খবৰবোৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে সেইসময়ৰ কণমানি মৰমলগা ছোৱালীজনী।
৭ বছৰ পূৰ্বে News18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল এক বিশেষ প্ৰতিবেদন। কিমান অভাৱ অনাটন আৰু প্ৰত্যাহ্বানৰ মাজতো যে মানুহে সফলতাৰ বাটেৰে আগুৱাই গৈ থাকিব পাৰে, নিৰাশাৰ মাজতো যে সিঁচিব পাৰে আশাৰ বীজ, সেই কথা পুনৰবাৰ প্ৰমাণ কৰি চৰ্চালৈ আহিছে লখিমপুৰৰ ডিম্পী।
দৰিদ্ৰতা, প্ৰত্যাহ্বানৰ মাজতো ডিম্পীয়ে দেখিছে এটি যোগাত্মক সপোন, সপোন দেখিছে প্ৰকৃতাৰ্থত এগৰাকী ভাল মানুহ হোৱাৰ। কিমান যে আশা, হেঁপাহ আছে তাইৰ, সেই তেতিয়াই কণমানি ডিম্পীৰ চকুত ধৰা দিছিল এই কথাবোৰে।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কথা দি কথা ৰাখিলে ডিম্পীয়ে। ৮৭ শতাংশ নম্বৰেৰে ডিষ্টিংচন পাই সুখ্যাতিৰে উত্তীৰ্ণ হ’৸ল ডিম্পী।
সেইসময়ৰ কণমানি ডিম্পীৰ মৰমলগা কথাবোৰে চুই গৈছিল বহুতৰে হৃদয়। অকণমান সহায়ৰ বাবে লৰালৰিকৈ বহু হৃদয়বান লোক উপস্থিত হৈছিল ডিম্পীৰ কাষত। তেতিয়াই কণমাণি ডিম্পীৰ কথাত প্ৰকাশ পাইছিল বাকপটুতা। কেৱল এগৰাকী ডিম্পীয়ে নহয়, অভাৱ অনাটন, হাজাৰটা সমস্যাৰ মাজত ককবকাই থকা মেধাৱীবোৰৰ বাবেও সেই তেতিয়াই ভাবিব পাৰিছিল ডিম্পীয়ে। ডিম্পীৰ ভৱিষ্যৎ উজ্জ্বল হওক। শুভকামনা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 23, 2023, 10:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।