মুখ্যপৃষ্ঠা »খবৰ »অসম »Bilasipara : ৰাস্তাত ওলাওঁতে সাৱধান, বিলাসীপাৰাৰ গেং অফ ডেভিলৰ বাইক ষ্টাণ্টৰ সন্মুখত পৰিব পাৰে আপুনি!

Bilasipara : ৰাস্তাত ওলাওঁতে সাৱধান, বিলাসীপাৰাৰ গেং অফ ডেভিলৰ বাইক ষ্টাণ্টৰ সন্মুখত পৰিব পাৰে আপুনি!

বৃদ্ধাক মৃত্যুমুখত পেলাই ছ'চিয়েল মিডিয়াত দম্ভালি গেং অফ ডেভিলৰ

বৃদ্ধাক মৃত্যুমুখত পেলাই ছ'চিয়েল মিডিয়াত দম্ভালি গেং অফ ডেভিলৰ

বৃদ্ধাক মৃত্যুমুখত পেলাই ছ'চিয়েল মিডিয়াত দম্ভালি গেং অফ ডেভিলৰ

  • Share this:

বাইক ষ্টাণ্ট কৰি সন্ত্ৰাস সৃষ্টি কৰা এটা দলৰ চাঞ্চল্যকৰ কাণ্ডই জোকাৰিছে সকলো বিবেকৱান লোকৰ হৃদয়। এই দলটোৱে নিজকে গেং অফ ডেভিল বুলি পৰিচয় দি সংঘটিত কৰা লোমহৰ্ষক কাণ্ডৰ বিষয়ে বীৰদৰ্পে কৰা ঘোষণাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাৰ লগতে ৰাজ্যজুৰি।


ঘটনাৰ বিৱৰণী অনুসৰি, বিলাসীপাৰাৰ গেং অৱ ডেভিলৰ সদস্যৰ বাইকৰ খুন্দাত যোৱা শনিবাৰে নিহত হয় এগৰাকী বৃদ্ধা। এই ঘটনা সাধাৰণ পথ দুৰ্ঘটনা বুলি ধাৰণা কৰা হৈছিল যদিও বাইক ষ্টানাৰ ৰূপী হত্যাকাৰী গেঙে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা ভিডিঅ'ই গোটেই ঘটনাকে অন্য মোৰ দিয়ে।


বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰা গেং অৱ ডেভিলে ভিডিঅ'যোগে উল্লেখ কৰে যে তেওঁলোকে এগৰাকী বৃদ্ধাক বাইকেৰে খুন্দিয়াই মাৰিছে আৰু এতিয়া পাৰ্টী কৰি আছে। লগতে দুৰ্ঘটনাৰ পিছত আৰক্ষী থানাৰ পৰা ১০ মিনিটতে ওলাই আহিবলৈ সক্ষম হোৱাক লৈও গৰ্ব প্ৰকাশ কৰে। চিগাৰেট হুঁপি হুঁপি কৰা ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাৰে জড়িত গেঙৰ সদস্যসকল চিনাক্ত হৈছে যদিও আৰক্ষীয়ে কৰায়ত্ত কৰা নাই।


 

দুৰ্ঘটনা সংঘটিত কৰি বৃদ্ধাক মৃত্যুমুখত পেলাই ছ'চিয়েল মিডিয়াত দম্ভালি মৰা এই গেং অফ ডেভিলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব।

শেহতীয়া বাতৰি