• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়াৰ স্বাভিমান চেলেঙত ভাৰতীয় সংস্কৃতিক তুলি ধৰাৰ চেষ্টা এগৰাকী ছাত্ৰীৰ

অসমীয়াৰ স্বাভিমান চেলেঙত ভাৰতীয় সংস্কৃতিক তুলি ধৰাৰ চেষ্টা এগৰাকী ছাত্ৰীৰ

ভাৰতৰ ২৮ খন ৰাজ্যৰ ভাষা আৰু প্ৰতীক অংকন কৰি চৰ্চালৈ আহিছে নগাঁৱৰ বিৰহ বেবেজীয়াৰ যুৱতী জ্যোতিকা দেৱী

  • Share this:

অসমীয়াৰ স্বাভিমান চেলেঙত চিত্ৰ অংকন কৰি চৰ্চালৈ আহিছে নগাঁৱৰ এগৰাকী যুৱতী। নগাঁৱৰ বিৰহ বেবেজীয়াৰ ভোলাৰাম নাথ আৰু বিবি দেৱীৰ কন্যা জ্যোতিকা দেৱীয়ে চেলেঙত অংকন কৰিছে ভাৰতৰ প্ৰতিখন ৰাজ্যক প্ৰতিনিধিত্ব কৰা জাতীয় প্ৰতীক।

ভাৰতৰ ২৮ খন ৰাজ্যৰ ভাষা আৰু প্ৰতীক অংকন কৰি চৰ্চালৈ আহিছে নগাঁৱৰ বিৰহ বেবেজীয়াৰ যুৱতী জ্যোতিকা দেৱী। বিভিন্ন ৰাজ্যৰ ল'গ' আৰু জাতীয় প্ৰতীকসমূহৰ সমল গোটাই চেলেঙত এই চিত্ৰ অংকন কৰোঁতে এমাহ সময় লাগিছিল জ্যোতিকা দেৱীৰ।

চিত্ৰ অংকনৰ কোনো প্ৰশিক্ষণ নোলোৱা জ্যোতিকাই নিতৌ ৭/৮ ঘন্টাকৈ অংকন কৰিছিল এই চিত্ৰ।মেডিকেল পাঠ্যক্ৰমত স্থান লাভ কৰা জ্যোতিকাই এই চিত্ৰ সংৰক্ষণৰো আশা কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা। জ্যোতিকাই গ্ৰহণ কৰা পদক্ষেপৰ বাবে স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ শলাগ লৈছে।

Published by:Gautam Barman
First published: