এজন বিশেষভাৱে সক্ষম ছাত্ৰ, নাম কৃষ্ণ কছাৰী। এই বিশেষভাৱে সক্ষম ছাত্ৰগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Result 2022) এটা বিভাগত লেটাৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সামগ্ৰিক অৰ্থত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাটো এটা সাধাৰণ কথা যদিও ছাত্ৰগৰাকীৰ সংগ্ৰামী জীৱন সাপেক্ষে ই অসাধাৰণত্ব দাবী কৰে।
হুইল চেয়াৰত উঠি বিদ্যালয়ত আহি শিক্ষাগ্ৰহণ কৰা কৃষ্ণ কছাৰীৰ এই সফলতাই সেয়ে আনন্দিত কৰিছে সকলোকে। তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বেঁকাজান ঠেঙাল গাঁওৰ যোগেন কছাৰী আৰু ভানু কছাৰীৰ পুত্ৰ কৃষ্ণ কছাৰীয়ে নৱমিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰমাণ কৰিলে যে আগ্ৰহ আৰু একাগ্ৰতা থাকিলে সকলো জয় কৰিব পাৰি।
বিশেষভাৱে সক্ষম ছাত্ৰজনৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে ছাত্ৰজনৰ অভিভাৱকৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কৃষ্ণ কছাৰীক অভিবাদন জনোৱাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে সম্বৰ্ধনা জনায়।
দিন হাজিৰা কৰা কৃষ্ণৰ মাতৃয়ে ভৱিষ্যতে কৃষ্ণক উচ্চ শিক্ষা দিয়া বাবে চৰকাৰ তথা দল সংগঠনৰ সহায় বিচাৰিছে । কৃষ্ণই ভৱিষ্যতে বৰহোলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰ কথা সংবাদ মাধ্যমৰ আগত কৈছে। কিন্তু কৃষ্ণৰ বাসগৃহৰ পৰা বৰহোলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় দহ কিলোমিটাৰ বাট হয়, কিন্তু এই দহ কিলোমিটাৰ বাট হুইল চেয়াৰত বহি কেনেদৰে অতিক্ৰম কৰিব তাকে লৈ চিন্তাত ভুগিছে কৃষ্ণ কছাৰী মাতৃয়ে।
আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে কৃষ্ণক যাতায়াতৰ বাবে টকা দিবলৈ সামৰ্থ্য নাই বুলি কয় কৃষ্ণৰ মাতৃয়ে। কিছু টকাৰ অভাৱত যাতে কৃষ্ণৰ প্ৰতিভা আৰু ইচ্ছা মৰহি নাযায় তাৰ বাবে মাতৃয়ে চৰকাৰ আৰু অসমবাসীৰ ওচৰত সহায়ৰ হাতত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে।
Published by: Gautam Barman
First published: June 08, 2022, 15:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|