உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Sundarbari: মহানগৰীৰ সুন্দৰবড়িত কৰুণ ঘটনা, ৰে'লৰ খুন্দাত মৃত্যুমুখত পৰিল বিশেষভাৱে সক্ষম লোক

    Sundarbari: মহানগৰীৰ সুন্দৰবড়িত কৰুণ ঘটনা, ৰে'লৰ খুন্দাত মৃত্যুমুখত পৰিল বিশেষভাৱে সক্ষম লোক

    নিহত লোকজন নাম ইন্দ্ৰজিৎ ঘোষ আৰু তেওঁৰ ঘৰ তেতেলীয়াত

    নিহত লোকজন নাম ইন্দ্ৰজিৎ ঘোষ আৰু তেওঁৰ ঘৰ তেতেলীয়াত

    নিহত লোকজন নাম ইন্দ্ৰজিৎ ঘোষ আৰু তেওঁৰ ঘৰ তেতেলীয়াত

    • Share this:
    গুৱাহাটী মহানগৰীৰ সুন্দৰবড়িত সংঘটিত হৈছে কৰুণ ঘটনা। আজি দিনৰ ভাগত সুন্দৰবড়িৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমীপৰ ৰে'লপথত ৰে'লৰ খুন্দাত এজন ৩৫ বছৰীয়া লোক নিহত হয়। নিহত লোকজন নাম ইন্দ্ৰজিৎ ঘোষ আৰু তেওঁৰ ঘৰ তেতেলীয়াত (A Specially abled person died in a train collision)।

    জানিব পৰা মতে, বিশেষভাৱে সক্ষম লোক আছিল ইন্দ্ৰজিৎ ঘোষ। লোকজনে কাণেৰে শুনিব নোৱৰাৰ লগতে মুখেৰে মাতিব নোৱাৰিছিল। ঘাঁহ কাটিবলৈ গৈ ওভতাৰ সময়ত সেই ৰে'লপথ পাৰ হওঁতেই এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় আৰু নিমিষতেই তেওঁৰ দেহ ক্ষত-বিক্ষত হৈ পৰে।

    এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত জালুকবাৰী আৰক্ষী চকীৰ  এটা দল উপস্থিত হয়। আৰক্ষীৰ দলটোৱে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে। ইফালে ইন্দ্ৰজিৎ ঘোষৰ অকাল মৃত্যুত সমগ্ৰ তেতেলীয়া অঞ্চলতেই শোকৰ ছাঁ পৰিছে।
    Published by:Gautam Barman
    First published: