உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাওশিল্পক জীয়াই ৰখা অসমৰ এখন বিশেষ গাঁও– কাজিৰঙাৰ পৰা শদিয়ালৈকে নৈপৰীয়া ৰাইজক দি আহিছে সকাহ

    নাওশিল্পক জীয়াই ৰখা অসমৰ এখন বিশেষ গাঁও– কাজিৰঙাৰ পৰা শদিয়ালৈকে নৈপৰীয়া ৰাইজক দি আহিছে সকাহ

    বানত সৰ্বস্ব হেৰুওৱা এই লোকসকলে বুকুত বান্ধি লৈ আহিছিল মাথোঁ নাও শিল্পৰ লগতে মৃৎ শিল্পৰ দৰে বোপা-ককাৰ এক পৰম্পৰা।

    বানত সৰ্বস্ব হেৰুওৱা এই লোকসকলে বুকুত বান্ধি লৈ আহিছিল মাথোঁ নাও শিল্পৰ লগতে মৃৎ শিল্পৰ দৰে বোপা-ককাৰ এক পৰম্পৰা।

    বানত সৰ্বস্ব হেৰুওৱা এই লোকসকলে বুকুত বান্ধি লৈ আহিছিল মাথোঁ নাও শিল্পৰ লগতে মৃৎ শিল্পৰ দৰে বোপা-ককাৰ এক পৰম্পৰা।

    • Share this:

    যোৰহাটৰ এখন বিশেষ গাঁও। গাঁওখনৰ আছে এক সুকীয়া চিনাকি। গাঁওখনৰ প্ৰতিজন বাসিন্দাই একো একোগৰাকী শিল্পী। বাৰিষা আহিলেই গাঁওখনত ভিৰ কৰে নৈপৰীয়া ৰাইজে।নৈপৰীয়া খাটিখোৱা জনতাৰ বাবে বিশেষ ভৰষা স্বৰূপ যোৰহাটৰ ঢেকীয়াখোৱাস্থিত এই গাঁওখনৰ নাম ইন্দিৰা আদৰ্শ গাওঁ।


    বৰলুইতৰ ভয়াৱহ খহনীয়াত ঘৰ-বাৰী সকলো বৰনদীৰ বুকুত সঁপি দি ঠিকনাবিহীন হোৱা মাজুলীৰ ৫৩টা পৰিয়ালক ২০০৪ চনত ঢেকীয়াখোৱাত সংস্থাপন দিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে । বানত সৰ্বস্ব হেৰুওৱা এই লোকসকলে বুকুত বান্ধি লৈ আহিছিল মাথোঁ নাও শিল্পৰ লগতে মৃৎ শিল্পৰ দৰে বোপা-ককাৰ এক পৰম্পৰা। সেই পৰম্পৰাই আজি গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ জীৱিকাৰ একমাত্ৰ সম্বল। বাৰিষা আহিলেই এইখন গাঁৱত ভিৰ কৰে নৈপৰীয়া ৰাইজে। কাৰণ দৈনন্দিন জীৱন যাত্ৰাত এখন স্থল বাহনৰ অপৰিহাৰ্যতাৰ দৰেই নৈপৰীয়া লোকসকলৰ বাবে বাৰিষা কালত অপৰিহাৰ্য হৈ পৰে নাও।


     কেৱল নাও শিল্প আৰু মৃৎ শিল্পৰ ওপৰতেই নিৰ্ভৰ কৰি নিজ সন্তানৰ ভৱিষ্যত গঢ়াৰ সপোন দেখা এই গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰতেই নিৰ্মাণ কৰে নাও। এইখন গাঁৱৰ বাহৈসকলে তৈয়াৰ কৰা নাও কাজিৰঙাৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে যোগান ধৰে নৈপৰীয়া ৰাইজক।কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰায় বিলুপ্তিৰ পথত গতি কৰা নাও শিল্পক জীয়াই ৰখা এইসকল বাহৈৰ ওপৰত আজিও দৃষ্টি নপৰিল ৰজাঘৰীয়াৰ। কেৱল পেটৰ ভাতমুঠিৰ তাড়নাত নাও নিৰ্মাণ কৰি অসংখ্যজনক উপকৃত কৰি অহা এইসকল বাহৈয়ে অশেষ কষ্টৰ বিনিময়ত জীয়াই ৰাখিছে পৰম্পৰা।  অথচ চৰকাৰী সাহায্যৰ দ্বাৰা নাওশিল্পৰ বিকাশ সাধনৰ লগতে ইয়াক এক বাণিজ্যিক দিশ দিয়াৰ সুন্দৰ সুবিধা আছিল এই গাঁওখন।

    Published by:Gautam Barman
    First published: