এখন অৰ্কিড উদ্যান। ৫৬ প্ৰকাৰৰ অৰ্কিড আছে উদ্যানখনত। আটকধুনীয়াকৈ সজাই-পৰাই ৰখা হৈছে উদ্যানখন। ১৯৯২ চনতে এই উদ্যানখন গঢ় দিয়া হৈছিল। উত্তৰ-পূবৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে উদ্যানখনত (Orchid Park in Guwahati )। বিভিন্ন বিবাহ অনুষ্ঠানকে ধৰি অতিথিক আদৰিবলৈ এই উদ্যানখনৰ পৰাই অৰ্কিড যোগান ধৰা হয় মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ। বুকে প্ৰস্তুত কৰিবলৈ এই উদ্যানখনৰ পৰাই ফুলৰ ব্যৱসায়ীসকলে অৰ্কিড ক্ৰয় কৰে ছিজনৰ সময়ত।
ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰাই ফুলিবলৈ আৰম্ভ কৰে অৰ্কিডসমূহ। ইতিমধ্যে কিছু কিছু অৰ্কিড ফুলি উঠিছে যদিও এপ্ৰিল মাহত সম্পূৰ্ণ ৰূপে ফুলি উঠে সকলোবোৰ ফুল। ৫৬টা প্ৰজাতিৰ অৰ্কিড উপলব্ধ হোৱা উদ্যানখনৰ পৰা অৰ্কিডৰ লগতে অৰ্কিডৰ গছপুলিও ক্ৰয় কৰে গ্ৰাহকে। এই অৰ্কিডসমূহৰ প্ৰতিপালনৰ বাবে আছে বহুকেইগৰাকী মালি। পুৱাৰ পৰা নিশা পৰ্যন্ত অৰ্কিডৰ প্ৰতিপালনত ব্যস্ত হৈ থাকে মালিসকল। গুৱাহাটী মহানগৰীৰ নুনমাটিৰ অসম কাৰ্বনৰ কাৰ্যালয়ত আছে এই বিশেষ উদ্যানখন। ৩০ বছৰ ধৰি উদ্যানখনত সযতনে অৰ্কিডসমূহ সংৰক্ষণ কৰা হৈছে।
আনহাতে অৰ্কিডৰ লগতে আছে এখন গোলাপ ফুলৰ বাগান। বগা, ৰঙা, হালধীয়া, গুলপীয়া, কমলা প্ৰায় সকলো ৰঙৰে গোলাপ ফুল সংৰক্ষণ কৰা হৈছে উদ্যানখনত। বহিঃৰাজ্যৰ পৰা অনা ভিন্নৰঙী গোলাপ ফুল অতি সযতনে চোৱাচিতা কৰা হয় উদ্যানখনত। হাইব্ৰিড প্ৰজাতিৰ ফুলসমূহ দেখিবলৈ অতি ধুনীয়া হোৱাৰ বাবেই সমগ্ৰ পৰিৱেশটো মনোমোহা কৰি তুলিছে গোলাপ ফুলৰ উদ্যানখনে।
নুনমাটিৰ (Noonmati) অসম কাৰ্বনৰ কাৰ্যালয়ত বছৰ বছৰ ধৰি সযতনে উদ্যানখনত থকা অৰ্কিডসমূহ সংৰক্ষণ কৰা হৈছে। আৰু কিছুদিনৰ পিছতে ফুল ফুলি আটকধুনীয়া হৈ পৰিব উদ্যানখন।
আনহাতে অৰ্কিডৰ লগতে আছে এখন গোলাপ ফুলৰ বাগান। বগা, ৰঙা, হালধীয়া, গুলপীয়া, কমলা প্ৰায় সকলো ৰঙৰে গোলাপ ফুল সংৰক্ষণ কৰা হৈছে উদ্যানখনত। বহিঃৰাজ্যৰ পৰা অনা ভিন্ন ৰঙী গোলাপ ফুল অতি সযতনে চোৱাচিতা কৰা হয় উদ্যানখনত। হাইব্ৰিড প্ৰজাতিৰ ফুলসমূহ দেখিবলৈ অতি ধুনীয়া হোৱাৰ বাবেই সমগ্ৰ পৰিৱেশটো মনোমোহা কৰি তুলিছে গোলাপ ফুলৰ উদ্যানখনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|