• Home
  • »
  • News
  • »
  • assam
  • »
  • আধুনিকতাৰ পৰশ নপৰা প্ৰায় ৫২২ বছৰ পুৰণি এখন বিশেষ পূজা, মৃন্ময় মূৰ্তিৰ সলনি ৰাম কলগছক দেৱী সজাই ৯ বিধ উদ্ভিদৰে স্থাপন কৰা হয় নৱপত্ৰিকা

আধুনিকতাৰ পৰশ নপৰা প্ৰায় ৫২২ বছৰ পুৰণি এখন বিশেষ পূজা, মৃন্ময় মূৰ্তিৰ সলনি ৰাম কলগছক দেৱী সজাই ৯ বিধ উদ্ভিদৰে স্থাপন কৰা হয় নৱপত্ৰিকা

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজাত পৰম্পৰা অনুসৰি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা ৷

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজাত পৰম্পৰা অনুসৰি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা ৷

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজাত পৰম্পৰা অনুসৰি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা ৷

  • Share this:
নলবাৰী জিলাৰ বৰনৰ্দী দুৰ্গা মন্দিৰৰ ৫২২ বছৰ পুৰণি দুৰ্গা পূজাৰ এক বিশেষত্ব আছে৷ কাৰণ ইয়াত কোনো জাক-জমকতা অথবা আধুনিকতাৰ পৰশ নাই৷ আন বহু দুৰ্গা পূজাৰ দৰে ইয়াত আপুনি দেখা নাপায় দুৰ্গা প্ৰতিমা। মন্দিৰত দুৰ্গা দেৱীৰ বিপৰীতে পূজা কৰা হয় এজোপা ৰাম কলগছক।

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজাত পৰম্পৰা অনুসৰি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা। কলগছ, যুৰীয়া বেল, ডালিম, অশোক, জয়ন্তী, ক’লা কচু, মানকচু, হালধি আৰু ধানৰে সৈতে সজা হয় দেৱীৰূপী নৱপত্ৰিকা৷ এই পূজাত কোনো চান্দা-বৰঙণি তোলাৰ ব্যৱস্থা নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আগবঢ়োৱা দান-বৰঙণিৰে কৰা হয় বছৰেকীয়া পূজাভাগ।

প্ৰবাদ অনুসৰি, কেইবা শ বছৰ পূৰ্বে এই গাঁৱলৈ আহিছিল কণৌজৰ ক্ষত্ৰীয় বংশৰ নীলকণ্ঠ ভূঞা ৷ তেওঁ বৰপেটা জিলাৰ মাজেৰে আহি নলবাৰীৰ বৰনৰ্দী গাঁৱত উপস্থিত হৈছিল। আহোম স্বৰ্গদেৱে নীলকণ্ঠ ভূঞাক "ৰায়বৰুৱা" উপাধি প্ৰদান কৰি উক্ত গাঁৱতে স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত নীলকণ্ঠ ৰায়বৰুৱাৰ উত্তৰসূৰী শৈলকণ্ঠই গাঁৱত অনুষ্ঠিত দুৰ্গা পূজাক অনন্য মাত্ৰা প্ৰদান কৰে৷ নিজৰ শক্তি, সামৰ্থ বৃদ্ধিৰ অৰ্থে শৈলকণ্ঠই গোপনে দুৰ্গা পূজাৰ মহানৱমীৰ দিনটোত নৰবলি দিয়াৰ কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহে। আহোম ৰজাই ইয়াৰ সম্ভেদ পাই শৈলকণ্ঠক ধৰিবলৈ কটকী পঠিয়াই। কিন্তু এই খবৰ লাভ কৰি সগৰ্ভা পত্নীসহ শৈলকণ্ঠ পলাই গৈ কাপলা বিলত আত্মজাহ দিয়ে বুলি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। পৰৱৰ্তী সময়ত নৰ বলি দি দুৰ্গা পূজা কৰাৰ বাবে গাঁৱখনৰ নাম নৰ্দী হয় ৷

এই গাঁঁওখনৰ মাজেৰে এখন ডাঙৰ নৈ বৈ যোৱাৰ বাবে বৰনৰ্দী পাছলৈ পৰ্যবসিত হৈ পৰে ৷ পূৰ্বে নৰবলি দিয়াৰ বাবেই ৰজাৰ ৰোষত পৰা এই পূজাত সম্প্ৰতি কোনো বলি-বিধান দিয়া নহয়। তাৰ পৰিৱৰ্তে ম’হ, হাঁহ, পাৰ, ছাগলী আদি মুকলি আকাশৰ তলত এৰি  দিয়া হয়৷ বৰনৰ্দীৰ পূজাভাগ কিছু পৃথক বাবেই এই পূজা ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰথলী। আনহাতে এইবাৰো শাৰদীয় দুৰ্গোৎসৱক লৈ বৰনৰ্দী দুৰ্গা মন্দিৰত চলিছে প্ৰস্ততি। অতীজৰ সেই পৰম্পৰা অনুসৰি এইবাৰো মৃণ্ময় মূৰ্তিৰ সলনি ৰাম কলগছক দেৱী সজাই ন-বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হ'ব নৱপত্ৰিকা।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি