গৰুগাড়ী। পুৰণি দিনত চহা গ্ৰাম্য জীৱনৰ এক অবিচ্ছেদ্য অংগ আছিল গৰুগাড়ী। যান্ত্ৰিকতাৰ আগ্ৰাসনত সমাজ জীৱনৰ পৰা লাহে লাহে নোহোৱা হ'ল গৰুগাড়ী। কিন্তু ব্ৰিটিছ যুগৰ পৰম্পৰা জীয়াই ৰাখি আজিও উজনি অসমৰ এখন চাহ বাগিচাত এক বিশেষ কামত ব্যৱহাৰ হৈ আহিছে এখন গৰুগাড়ী।
গ্ৰাম্য জীৱনত পূৰ্বে কি কামত ব্যৱহাৰ হোৱা নাছিল গৰু গাড়ী! পথাৰৰ পৰা ধান কঢ়িওৱাৰ পৰা দৰাৰ লগত কইনা আনিবলৈ যোৱালৈকে গৰুগাড়ীখন আছিল চহা গ্ৰাম্য জীৱনৰ এক অবিচ্ছেদ্য অংগ। ঠিক সেইদৰে ব্ৰিটিছ শাসন কালত চাহ বাগিচাসমূহতো ব্যৱহাৰ হৈছিল গৰুগাড়ী।
বৰ্তমান গ্ৰামাঞ্চলৰ লগতে চাহ বাগিচাসমূহতো দেখিবলৈ পোৱা নাযায় গৰুগাড়ী। কিন্তু ব্ৰিটিছ যুগৰ পৰম্পৰা জীয়াই ৰাখি উজনি অসমৰ এখন বাগিচাত আজিও ব্যৱহাৰ হৈ আছে গৰুগাড়ী। শিৱসাগৰ জিলাৰ আমগুৰি বৰচিলা চাহ বাগিচাত পাত ছিঙাৰ সময় আহিলেই সেই বিশেষ গৰুগাড়ীখন তৎপৰ হৈ পৰে।
পুৱাৰ পৰা এই গৰুগাড়ীখন ব্যৱহাৰ কৰা হয় বাগিচাখনৰ এটা বিশেষ কামত। আপুনি দেখা গৰু গাড়ীতকৈ কিছু পৃথক এইখন গৰুগাড়ী। গৰুগাড়ীখনত সামগ্ৰী কঢ়িওৱাৰ পৰিৱৰ্তে আছে এটা ড্ৰাম আৰু ড্ৰামৰ তলত জুই দি চাহ তৈয়াৰ কৰিব পৰা এক সুন্দৰ ব্যৱস্থা।
ব্ৰিটিছৰ শাসনৰ সময়ৰ পৰাই চাহ বাগিচাসমূহত শ্ৰমিকসকলক পাত ছিঙাৰ সময়ত ৰঙা চাহৰ যোগান ধৰি আহিছে বাগিচা কৰ্তৃপক্ষই। আমগুৰি নগৰৰ পৰা নতিদূৰৰ বৰচিলা চাহ বাগিচাত এতিয়াও চলি আছে গৰুগাড়ীত চাহ তৈয়াৰ কৰা প্ৰথা। চাহ বাগিচাত পাত ছিঙাৰ সময় আহিলেই এই বিশেষ গৰুগাড়ীখন শ্ৰমিকসকলক চাহ যোগান ধৰিবৰ বাবে ব্যস্ত হৈ পৰে।
গৰুগাড়ীখন বাগিচাখনে ব্যৱহাৰ কৰাৰ আৰু এটা কাৰণ আছে, সেইটো হৈছে যিসমূহ দুৰ্গম ঠাইলৈ বাহন যাব নোৱাৰে তেনে ঠাইলৈ গৰুগাড়ীখন সুকলমে গৈ শ্ৰমিকসকলক চাহৰ যোগান ধৰিব পাৰে। লক্ষণীয় যে বৰচিলা চাহ বাগিচাত পোহনীয়া জীৱ–জন্তু সোমোৱাৰ অনুমতি নাই যদিও গাড়ীখন টানি নিয়া গৰু দুটাৰ নামত আছে বিশেষ প্ৰৱেশ পত্ৰ।
প্ৰতিদিনৰ পৰিশ্ৰমিক লাভ কৰে গৰুগাড়ীৰ চালক আৰু গাড়ী টনা গোধন দুটায়ো। শাৰীপাতি গৰুগাড়ীৰ পৰা চাহ খোৱা দৃশ্য বৰ্তমান চাহ বাগিচাসমূহত সুলভ নহয় যদিও আমগুৰিৰ বৰচিলা চাহ বাগিচাত এতিয়াও চলি আছে ব্ৰিটিছ যুগৰ সেই পৰম্পৰা, যি দৃশ্য দেখিলে আপুনি কিছু সময়ৰ বাবে হ'লেও নষ্টালজিক হৈ পৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|